নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্য চৰকাৰৰ সিদ্ধান্তক সদৌ অসম কৰ্মচাৰী পৰিষদৰ আদৰণি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে লখিমপুৰত অনুষ্ঠিত শেহতীয়া কেবিনেট বৈঠকত অসমৰ জনগণৰ অধিকাৰ সুৰক্ষা কৰাৰ স্বাৰ্থত ঐতিহাসিক অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণ কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তক সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা আৰু সম্পাদক প্ৰধান দিলীপ কলিতাই এক প্ৰেছ বিবৃতিযোগে আদৰণি জনাইছে। বিবৃতিটোত পৰিষদৰ নেতাদ্বয়ে কয় যে, ঐতিহাসিক অসম আন্দোলনৰ পটভুমিতে দেশ আৰু জাতিৰ স্বাৰ্থত ১৯৮০ চনত কৰ্মচাৰী পৰিষদ গঠন কৰা হৈছিল। সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্বত ৰাজ্যখনৰ চৰকাৰী আৰু বেচৰকাৰী কৰ্মচাৰী সমাজে “দেশতকৈ চাকৰি ডাঙৰ নহয়” বুলি অসম আন্দোলনত জঁপিয়াই পৰিছিল। ঐতিহাসিক অসম চুক্তিৰ প্ৰতিটো দফাৰ সফল ৰূপায়ণে ৰাজ্যখনৰ জনসাধাৰণক সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে সুৰক্ষিত কৰিব বুলি পৰিষদে বিশ্বাস কৰে একেটা বিবৃতিতে নেতাদ্বয়ে কয় যে অসম চৰকাৰে ৰাজ্যিক কৰ্মচাৰীসকলৰ স্বাৰ্থত দুৰ্ঘটনাজনিত মৃত্যু, স্থায়ী বিকলাংগতাৰ ক্ষেত্ৰত, আংশিক বিকলাংগতাৰ ক্ষেত্ৰত আৰু সেৱা কালত যিকোনো ৰোগত মৃত্যুৰ ক্ষেত্ৰত ক্ৰমে ১-১ কোটি, ৮০ লাখ আৰু ১০ লাখকৈ ৰাজ্যিক কৰ্মচাৰী, তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ বিত্তীয় স্থিৰতা নিশ্চয়তাৰ বাবে শূন্য প্ৰিমিয়াম আধাৰিত বীমা কাভাৰেজ প্ৰদান কৰাৰ বাবে কৰ্মচাৰীসকলৰ দৰমহা একাউণ্ট থকা বিভিন্ন বাণিজ্যিক বেংকৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰা সিদ্ধান্তই কৰ্মচাৰী সমাজত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। এনেধৰণৰ সিদ্ধান্তাই কৰ্মচাৰীসকলক বা তেওঁলোকৰ পৰিয়ালক সামাজিক বা অৰ্থনৈতিক ভাৱে সুৰক্ষিত কৰিব।

You might also like