নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুক্তৰাজ্য অসম সাহিত্য সভাৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠান

🔹 লণ্ডনৰ কিংছ লেংলী হলত বৰ্ণিল অনুষ্ঠান

বিশেষ বাৰ্তা, ২৩ জুলাই : যুক্তৰাজ্য অসম সাহিত্য সভাৰ ২৬সংখ্যক বাৰ্ষিক অধিৱেশনৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠান ২০ জুলাইত লণ্ডন চহৰৰ কিংছ লেংলী হলত আয়োজিত কৰা হয় । সভাৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে চিৰ চেনেহী মোৰ ভাষা জননীৰ গীতটিৰে । পতাকা উত্তোলনত ভাগ লয় বিশিষ্ট অতিথি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড০ অমৰজ্যোতি চৌধুৰী, পণ্ডিত সুকুমাৰ বৰঠাকুৰ, কন্ঠশিল্পী ড০ সংগীতা কাকতি আৰু উপস্থিত প্ৰৱাসী অসমীয়াসকলে। সভাৰ আৰম্ভণিতে যুক্তৰাজ্য অসম সাহিত্য সভাৰ কৰ্ণধাৰ সভাপতি ভুবন বৰুৱা, জীৱন কুমাৰী বৰুৱা দেৱী আৰু অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য্য হাজৰিকাৰ শুভেচ্ছা বাণী পাঠ কৰে । এই সভাত নৱগঠিত কাৰ্যকৰী কমিটীৰ সদস্যবৃন্দই শপত গ্ৰহণ আৰু গীতা বৰুৱাই সভাপতি পদৰ কাৰ্যভাৰ গ্ৰহণ কৰে। মুখ্য অতিথিৰ আসন শুৱনি কৰা ড০ অমৰজ্যোতি চৌধুৰীক এখন ফুলাম গামোচাৰে আদৰণি জনায় । বিগত (২০১৭-২০২৪) অসম সাহিত্য সভা যুক্তৰাজ্য শাখাৰ সভাপতি, তাৰ আগতে ১৫ বছৰ সম্পাদিকা হিচাপে থকা মঞ্জিৰা চৌধুৰীয়ে তেওঁৰ বিদায় ভাষণত কয় যে যুক্তৰাজ্য অসম সাহিত্য সভাৰ জন্ম বৃত্তান্ত সুঁৱৰি সোঁতৰ বিপৰীতে সাঁতুৰি এই সভাই এই পৰ্যায় পোৱা সঁচাকৈয়ে গৌৰৱৰ কথা। তেওঁ দেশে-বিদেশে থকা সকলো অসমীয়াকে অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আহ্বান জনায়। তেওঁ আৰু উল্লেখ কৰে যে এখন ৰাজ্য আৰু জাতি কেইখনমান গাড়ী, ডাঙৰ ঘৰ, উৰণ সেতু আৰু ৰাজনৈতিক স্বাৰ্থপৰতাৰে স্বচ্ছল নহয়, আৰ্থিক স্বচ্ছলতা, ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সাধনাৰেহে এখন দেশ স্বচ্ছল আৰু গৌৰৱান্বিত হয়। ইয়াৰ বাবে সকলোৱে দায়বদ্ধতাৰে কৰ্মৰত হ’লেহে অসমৰ পুৰণি গৌৰৱ ঘূৰি আহিব। গীতা বৰুৱাই সভানেত্ৰী পদত শপত গ্ৰহণ কৰাৰ পিছত প্ৰথম ভাষণত সকলোকে অনুৰোধ কৰে যাতে আগলৈ অসম সাহিত্য সভাৰ প্ৰতিটো কাম নিয়াৰিকৈ শ্ৰদ্ধাসহ অসমীয়া ভাষা-সংকৃষ্টিৰ কল্যাণৰ হকে কৰিব পাৰে । ড০ চৌধুৰীয়ে তেওঁৰ ভাষণত কয় যে সাত সাগৰ তেৰ নদীৰ সিপাৰত অসমীয়া ভাষা-সংস্কৃতিৰ কল্যাণৰ বাবে বিগত ২৫ বছৰে অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখাই লানি নিছিগাকৈ কৰি আহিছে আৰু আগলৈকে কৰি থাকিব বুলি বিশ্বাস আছে ।

তেওঁ অসমীয়াত ইতিবাচক বক্তৃতা ৰখাৰ লগতে ড০ ভূপেন হাজৰিকাৰ মৃত্যুত লিখা কবিতা আবৃত্তিৰে দৰ্শকক মুগ্ধ কৰে। পণ্ডিত সুকুমাৰ বৰঠাকুৰেও এক চমু ভাষণৰ মাজেৰে যুক্তৰাজ্য অসম সাহিত্য সভাৰ ২৫ বছৰীয়া কাৰ্যাৱলীৰ শলাগ লয়।  সাংস্কৃতিক সন্ধিয়া মুকলি কৰে থলুৱা শিল্পীৰ দ্বাৰা পৰিৱেশিত সমৱেত সংগীতেৰে । বিশিষ্ট গায়িকা ড০ সংগীতা কাকতিৰ সুকন্যা আনৌস্কাৰ ৰজাঘৰীয়া ছালি নৃত্য আৰু ড০ সংগীতা কাকতিৰ ন-পুৰণি গীতৰ সমাহাৰে সকলো শ্ৰোতাৰ মন আকৃষ্ট কৰে। নীলাক্ষি দলে, ময়ূৰাক্ষী, বহনাৰ নৃত্য আৰু মীৰা দত্ত , নিৰলা বৰুৱা আৰু অংগুৰ শইকীয়াৰ স্ব-ৰচিত কবিতাৰ লগতে অঞ্জীৱ ৰাজখোৱাৰ স্ব-ৰচিত গীতে সকলোকে আৰ্কষিত কৰে। সাংস্কৃতিক সন্ধিয়াৰ আঁত ধৰে সাংস্কৃতিক সম্পাদিকা গীতোৎপলা বৰদলৈয়ে। চিত্ৰশিল্পী ৰূপম বৰঠাকুৰৰ চিত্ৰাংকন কৰ্মশালা আছিল এই সভাৰ মুখ্য আকৰ্ষণ। কণ কণ মইনাহঁতৰ লগতে উঠি অহা নৱপ্ৰজন্মই চিত্ৰকলা শিকা আৰু মনৰ দাপোণৰ কল্পনাক চিত্ৰৰ মাজেৰে আকাৰ দিবলৈ সুযোগ পায় । অনুষ্ঠানৰ শেষত বিগত বছৰবোৰত একাধাৰে সাহিত্য সভাৰ কাৰ্যৰ লগত সমৰ্পিত সদস্যসকলক এক স্মাৰক প্ৰদান কৰি সন্মান জনায়। শলাগৰ শৰাই আগবঢ়ায় সম্পাদিকা জাহ্নৱী গগৈয়ে। অসমীয়া জা-জলপান আৰু নৈশ আহাৰ গ্ৰহণ কৰাৰ লগতে মনৰ হেঁপাহেৰ মনৰ ভাব আদান-প্ৰদান কৰাৰ সুযোগ লয় যুক্তৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা প্ৰৱাসী অসমীয়াই এই মহান অনুষ্ঠানটিৰ জৰিয়তে ।

You might also like