নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রন্থমেলাৰ পৰা উঠালে ইউএছটিএমৰ মেডিকেল ইউনিটৰ ষ্টল

🔹 নীতি-নিয়ম উলংঘা কৰি পৰিল বিপদত

🔹 আঁতৰাই নিবলৈ বাধ্য হ’ল ছেলফি পইণ্টো

নিউজ ডেস্ক, ৩০ ডিচেম্বৰ : খানাপাৰাত চলি থকা ‘অসম গ্রন্থমেলা, গুৱাহাটী’ত অংশগ্রহণকাৰী বিপণীসমূহৰ ক্ষেত্রত আয়োজকৰ তৰফৰ পৰা নির্ধাৰণ কৰি দিয়া নীতি–নিয়ম উলংঘা কৰি বিপদত পৰিল ইউনিভার্ছিটী অৱ ছায়েন্স এণ্ড টেকন’লজী (ইউএছটিএম)৷ নির্দিষ্ট কৰি দিয়াতকৈ অধিক স্থান দখল কৰি লোৱা বাবে গ্রন্থমেলাস্থলীৰ পৰা উঠাই দিয়া হৈছে ইউএছটিএমৰ মেডিকেল ইউনিটৰ ষ্টল আৰু ছেল্ফি পইণ্ট৷ উল্লেখ্য যে আয়োজকৰ অনুমোদন মর্মে নির্ধাৰিত পৰিমাণৰ ধনৰ বিনিময়ত ইউএছটিএমে এইবাৰৰ গ্রন্থমেলাত দুটা ষ্টল একলগ কৰি এটা মেডিকেল ইউনিট আৰু আন এটা ছেল্ফি পইণ্ট স্থাপন কৰিছিল৷ কিন্তু ছেল্ফি পইণ্টটোৰ বাবে নির্দিষ্ট কৰি দিয়াতকৈ অধিক ঠাই দখল কৰি লয় ইউএছটিএমে৷ এনেদৰে নীতি–নিয়ম উলংঘা কৰাৰ বাবেই আয়োজক অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক–বিক্রেতা সংস্থাই ইউএছটিএমৰ মেডিকেল ইউনিটৰ ষ্টলৰ লগতে ছেল্ফি পইণ্টটো উঠাই দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ ইউএছটিএমৰ উপ–পঞ্জীয়কে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি পৰহি নিশাৰ ভাগত ফোনযোগে আয়োজকৰ তৰফৰ পৰা এই বিষয়ে জনোৱা হয় আৰু কালি এক ই–মেইল প্রেৰণ কৰে৷

You might also like