নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত নম্বৰপ্লেটবিহীন গাড়ীৰ খুন্দা আৰক্ষীৰ বাহনত

🔹 গুৰুতৰভাৱে আহত সহকাৰী পৰিদৰ্শক জালাল উদ্দিন

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী গোপালপুৰত নিশা কালাপানী আৰক্ষী চকীৰ আৰক্ষীয়ে গাড়ীৰে টহল দি থকাৰ সময়তে এখন নম্বৰপ্লেটবিহীন গাড়ীয়ে আৰক্ষীৰ গাড়ীখনত তীব্ৰ বেগত খুন্দা মাৰে। ফলত আৰক্ষীৰ গাড়ীখন দলঙৰ ৰেলিং ভাঙি পানীত পৰে।

দুৰ্ঘটনাটোত কালাপানী আৰক্ষী চকীৰ সহকাৰী পৰিদৰ্শক জালাল উদ্দিন আহমেদসহ কেইবাজনো আৰক্ষী জোৱান আহত হয়। জানিব পৰা মতে, কালাপানী আৰক্ষী চকীৰ সহকাৰী পৰিদৰ্শক জালাল উদ্দিন আহমেদৰ নেতৃত্বত আৰক্ষীৰ ৬/৭ জনীয়া দল এটাই নিশা গাড়ীৰে টহল দি থকাৰ সময়তে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো । পিছত কালাপানী আৰক্ষী চকীৰ আৰক্ষীয়ে আহত আৰক্ষীসকলক উদ্ধাৰ কৰে আৰু সহকাৰী পৰিদৰ্শক জালাল উদ্দিন আহমেদক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like