🔹 বনকর্মীৰ গাফিলতিত মৃত্যুৰ অভিযোগ প্রকৃতিপ্রেমীৰ
বিশেষ বাৰ্তা, ২৫ আগষ্ট : বনকর্মীৰ গাফিলতিত অসম ৰাজ্যিক চিৰিয়াখানাত এটা ঢেঁকীয়াপতীয়া বাঘৰ মৃত্যু হয়৷ নগাঁৱৰ ধিঙত বন বিভাগে ট্রেংকুলাইজ কৰি চিৰিয়াখানালৈ অনাৰ পিছতে ঢেঁকীয়াপতীয়া বাঘটোৰ মৃত্যু হয়৷ বনকর্মীৰ গাফিলতি আৰু ট্রেংকুইলাইজ কৰা বাঘটোৰ স্বাস্থ্যৰ প্রয়োজনীয় ব্যৱস্থা গ্রহণ নকৰাত বাঘটোৰ মৃত্যু হোৱা বুলি একাংশ প্রকৃতিপ্রেমীয়ে দাবী কৰি বিষয়টোৰ উচিত তদন্ত কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰীক আহ্বান জনায়৷ উল্লেখ্য যে ৰাজ্যৰ শেহতীয়া বানৰ সময়তে ঢেঁকীয়াপতীয়া বাঘটো লাওখোৱা অভয়াৰণ্যৰ পৰা আহি ধিঙত আশ্রয় লৈছিল৷ বানৰ সময়ছোৱাত উটি অহা বাঘটোৱে নগাঁৱৰ ধিং, জুৰীয়া আৰু বটদ্রৱাকে ধৰি বিভিন্ন অঞ্চলত ত্রাসৰ সৃষ্টি কৰে৷ তদুপৰি খাদ্যৰ সন্ধানত ওলাই অহা ঢেঁকীয়াপতীয়া বাঘটোৱে ধিঙত কেইবাজনো লোকক আক্রমণ কৰে যদিও বাঘটোক বিয়াগোম বন বিভাগে দীর্ঘদিন চেষ্টাৰ পিছতো ট্রেংকুইলাইজ কৰিব পৰা নাছিল৷ অৱশেষত বহিঃৰাজ্যৰ এটা বিশেষজ্ঞৰ দলে বাঘটোক ট্রেংকুলাইজ কৰিবলৈ ধিঙত বাহৰ পাতিছিল৷ পিছত বাঘটোক ট্রেংকুইলাইজ কৰি ধিঙৰ পৰা গুৱাহাটীলৈ অনা হয়৷ প্রকৃতিপ্রেমী দিলীপ নাথে অভিযোগ কৰা অনুসৰি, বন বিভাগে ট্রেংকুইলাইজ কৰা বাঘটোৰ প্রচণ্ড জ্বৰ উঠিছিল আৰু সৰু আকৃতিৰ এটা পিঞ্জৰাত বাঘটো ধিঙৰ পৰা গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানালৈ অনাৰ সময়তে মাইকী বাঘটো অসুস্থ হৈ পৰে আৰু পিছত বাঘটোৰ মৃত্যু হয়৷ কর্তব্যৰত বনকর্মীৰ গাফিলতিৰ বাবেই বাঘটোৰ মৃত্যু হোৱা বুলি তেওঁ দাবী কৰি বিষয়টোৰ উচিত তদন্ত কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাক আহ্বান জনায়৷ আনহাতে, অসম ৰাজ্যিক চিৰিয়াখানাৰ সংমণ্ডল বন বিষয়া অশ্বিনী কুমাৰে ধিঙৰ পৰা ট্রেংকুইলাইজ কৰি চিৰিয়াখানালৈ অনাৰ বাটতে বাঘটোৰ মৃত্যু হোৱা বুলি জানিবলৈ দিছে৷ ডিএফঅ’গৰাকীয়ে বাঘটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই বুলি সদৰী কৰি মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনৰ পিছতহে সেয়া স্পষ্ট হ’ব বুলি কয়৷ কিন্তু ধিঙৰ পৰা ট্রেংকুইলাইজ কৰি গুৱাহাটীলৈ অনাৰ সময়তে এটা ঢেঁকীয়াপতীয়া বাঘৰ মৃত্যু হোৱাত প্রকৃতিপ্রেমীয়ে উদ্বেগ প্রকাশ কৰি বিষয়টোৰ উচিত তদন্তৰ দাবী কৰিছে৷ উল্লেখ্য যে বাঘটোৰ আক্রমণত ৫জন বনকর্মী আহত হয়৷