কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগত দুই পক্ষৰ প্ৰচণ্ড মাৰপিট
নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ চাবুৱাৰ বিন্ধাকটা খাল গাঁৱৰ এগৰাকী কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগ বুজি এজন যুৱকে অসৎ উদ্দেশ্যেৰে যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপিত হোৱাত ঘটনাক লৈ জড়িত থকা যুৱকক বিচাৰি যোৱা ৫জন যুৱকক আক্ৰমণ একাংশৰ। আক্ৰমণৰ বলি হৈ আঘাতপ্ৰাপ্ত হোৱা যুৱককেইজন হৈছে-বিকাশজ্যোতি সোণোৱাল, কপিল দেৱ সোনোৱাল, ৰিতু সোনোৱাল, সুৰজ সোনোৱাল আৰু ভাইতি ইন্দোৱাৰ নমচুদ্ৰক। দেওবাৰে সন্ধিয়া সংঘটিত ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ পৰিস্থিত নিয়ন্ত্ৰণ কৰে যদিও আজি পুনৰ স্থানীয় ৰাইজৰ ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটে। অভিযোগ অনুসৰি গাঁওখনৰ এটা দৰিদ্ৰ পৰিয়ালৰ কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে দেওবৰীয়া বজাৰৰ ব্যৱসায় সুত্ৰে ঘৰত নাছিল। তেনে সময়তে প্ৰায় ১৬ বছৰীয়া কিশোৰী গৰাকী অকলে থকা অৱস্থাত গাঁওখনৰ আন এটা চুবুৰীৰ তাপস নমঃশূদ্ৰই অসৎ অভিপ্ৰায়ে যৌন নিৰ্যাতন চলোৱাত চিঞৰ-বাখৰ কৰে। তেনেতে কিশোৰীগৰাকীৰ ভাতৃসহ কেইবাজনো যুৱকে ব্ৰহ্মপুত্ৰৰ পাৰত ৰৈ থকাত পোনে পোনে তাপসক বিচাৰি চুবুৰীলৈ যায়। চুবুৰীটোত তাপসক বিচাৰি নাপাই যদিও আন একাংশই বিচাৰি যোৱা উক্ত পাঁচজন যুৱকক লাঠি-ডাং লৈ আক্ৰমণ কৰে। আক্ৰমণত চাৰিজনে মুৰত আৰু এজনে কাণৰ ওচৰত গুৰুতৰভাৱে আঘাত পাই। প্ৰায় ১৫ জনমান লোকে আক্ৰমণ কৰাৰ উপৰি কোনোৱে গৰম পানীও ছটিয়াই বুলি আঘাপ্ৰাপ্তই ব্যক্ত কৰিছে। ইয়াকে লৈ সন্ধিয়াৰ সময়ত খবৰ বিয়পি পৰাত আক্ৰমণকাৰীক আৰু তাপচক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক দাবী জনাই পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষী উপস্থিত হয়। কালি নিশা পৰ্যন্ত অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত আজি পুনৰ ৰাইজ ওলাই আহি চুবুৰিটোলৈ ৰাইজৰ আগমণ ঘটে। পাঁচজন যুৱকক মাৰপিট কৰাত লিপ্ত এজনক উত্তম মাধ্যম শোধাই আৰক্ষীক চমজাই দিয়ে ৰাইজে। কিশোৰীগৰাকীক নিৰ্যাতন চলোৱাৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে আৰু সমগ্ৰ ঘটনা সংঘটিত কৰা সকলক গ্ৰেপ্তাৰৰ দাবীত চুবুৰীটো সংগবদ্ধ হয়। এই ঘটনা সংঘটিত য’ত হৈছিল তাত তেজৰ চেকুৰা, লাঠি-ডাং আদিতো তেজ দেখিবলৈ পোৱা গৈছে। আক্ৰমণত ব্যৱহৃত সামগ্ৰী সমূহ সগ্ৰহ কৰি লৈ যায়। বৰ্তমানেও আৰক্ষীয়ে তাপস নমঃশূদ্ৰক গেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।
প্ৰেৰক দিব্যজ্যোতি লাহন