🔹 পোহনীয়া কুকুৰৰ অভিজাত গৰাকীৰ দায়িত্বজ্ঞানহীন কাণ্ড
বিশেষ বাৰ্তা, ১০ জানুৱাৰী : এটা পোহনীয়া কুকুৰে মলত্যাগ কৰা ঘটনাক কেন্দ্র কৰি সৃষ্টি হোৱা এক অনাকাংক্ষিত পৰিৱেশৰ বাবে আহনী মেৰপেঁচত সোমাই পৰা এজন মেধাৱী ছাত্রৰ শৈক্ষিক ভৱিষ্যৎ অন্ধকাৰাচ্ছন্ন হৈ পৰাৰ উপক্রম হোৱাৰ এক ঘটনা সংঘটিত হৈছে চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰত৷ উল্লেখনীয় যে সোণাৰি নগৰৰ দুই নং ৱার্ড নিৱাসী অৱসৰী প্রাক্তন শিক্ষক তথা প্রয়াত মদন তাঁতীৰ বাসগৃহৰ সন্মুখত এটা পোহনীয়া কুকুৰে মলত্যাগ কৰা ঘটনাক কেন্দ্র কৰি তাঁতীৰ পুত্র উৎপল তাঁতীৰে কুকুৰটোৰ গৃহস্থৰ মাজত বাকবিতণ্ডা হোৱা আৰু পৰৱর্তী সময়ত এয়া হতাহতি স্তৰলৈ যোৱা ঘটনাৰ পিছত বর্তমান উৎপল তাঁতী নামৰ যুৱকজন ৰঙাঘৰৰ আলহী হ’বলগীয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে ভুক্তভোগী যুৱকজনৰ মাতৃ বেলিৰাণী তাঁতীয়ে পৰহি চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকগৰাকীৰ ওচৰত ন্যায় বিচাৰি কৰা এক আবেদনত এইবুলি উল্লেখ কৰিছে যে যোৱা ৩১ ডিচেম্বৰৰ দিনা পুৱা সোণাৰি নগৰৰ ২নং ৱার্ডস্থিত তেওঁলোকৰ বাসগৃহৰ সন্মুখত প্রতিৱেশী শিৱ গগৈ নামৰ লোকজনৰ পোহনীয়া কুকুৰটোৱে মলত্যাগ কৰা ঘটনাক কেন্দ্র কৰি এক সংঘাত সৃষ্টি হয়। কিন্তু এই ঘটনা সংঘটিত হোৱাৰ পিছত ৭ জানুৱাৰীৰ দিনা সোণাৰি থানাৰ এগৰাকী বিষয়াই দুগৰাকী আৰক্ষী কনিষ্টবলক লগত লৈ উৎপল তাঁতীৰ বাসগৃহলৈ আহি তেওঁক মাৰপিট কৰি চোঁচৰাই দাগী অপৰাধীৰ দৰে থানালৈ লৈ যায় বুলি যুৱকজনৰ মাতৃয়ে আবেদনখনত উল্লেখ কৰিছে৷ মন কৰিবলগীয়া এয়ে যে ইয়াৰ পিছত সোণাৰি আৰক্ষী থানাত ৰুজু হোৱা ০৬/২৫নং গোচৰৰ আধাৰত ভাৰতীয় ন্যায় সংহিতাৰ ১২১(২)/১১৮(২)/১০৯/২৯৬/৩৫১(২)ৰ আধাৰত উৎপল তাঁতীক কালি আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক জে’ল-হাজোতলৈ প্রেৰণ কৰে৷ এই ঘটনাৰ পিছত স্থানীয় সচেতন জনতাৰ মাজত সোণাৰি আৰক্ষীৰ আক্রোশমূলক আচৰণৰ বাবে মেধাৱী ছাত্রজন জে’ল–হাজোতলৈ যাবলগীয়া হ’ল বুলি চর্চা আৰম্ভ হৈছে৷ সোণাৰিৰ প্রাক্তন বিধায়ক সত্য তাঁতীৰ নাতি তথা অৱসৰী শিক্ষক প্রয়াত মদন তাঁতীৰ পুত্র উৎপল এজন মেধাৱী ছাত্র৷ ভাৰতীয় প্রশাসনিক সেৱাৰ পৰীক্ষাত অৱতীর্ণ হ’বলৈ প্রস্তুতি চলাই থকা যুৱকজন শাৰীৰিকভাৱে অসুস্থ৷ ইতিমধ্যে অর্শৰোগৰ এক অস্ত্রোপচাৰ হৈ যোৱা যুৱকজন শাৰীৰিকভাৱে যথেষ্ট দুর্বল বুলি পৰিয়ালৰ সূত্রে প্রকাশ৷ এনে প্রেক্ষাপটত ৩১ ডিচেম্বৰৰ পুৱা সংঘটিত ঘটনাৰ পাছত ৭ জানুৱাৰীৰ দিনা যুৱকজনৰ বাসগৃহলৈ অহা তিনিজনীয়া আৰক্ষীৰ দলে যুৱকজনক তুচ্ছ–তাচ্ছিল্য কৰা কার্যৰ প্রতিবাদ জনোৱাৰ বাবে সম্পূর্ণ আক্রোশমূলকভাৱে সোণাৰি আৰক্ষীয়ে উৎপল তাঁতীৰ বিৰুদ্ধে এলানি ধাৰা খটুৱাই গোচৰ ৰুজু কৰি তেওঁক জে’ল–হাজোতলৈ প্রেৰণ কৰা বুলি যুৱকজনৰ নিকট আত্মীয়ই সংবাদ মাধ্যমৰ আগত অভিযোগ কৰিছে৷ আভিজাত্য বজাই ৰাখিবলৈ আজিৰ সমাজত একাংশ লোকে কুকুৰ পুহিবলৈ গৈ ইয়াক আপডাল কৰাত আওকণীয়া মনোভাব লোৱা আৰু এনে কুকুৰক প্রাতঃভ্রমণ কৰোৱাবলৈ নি গৰাকীয়ে য’তে–ত’তে মলমূত্র ত্যাগ কৰোৱাই পাৰিপার্শ্বিক বাতাৱৰণ কলুষিত কৰি অহা বিষয়ক লৈ সৰৱ চর্চা চলি অহাৰ সময়তে এনে এক ঘটনাৰ প্রতিবাদ কৰিবলৈ গৈ এজন মেধাৱী যুৱক ৰঙাঘৰৰ আলহী হ’বলগীয়া হোৱা ঘটনাই স্থানীয় বিভিন্ন মহলত ব্যাপক চর্চা লাভ কৰিছে৷