নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী কাৰাগাৰৰ ভুক্তভোগী মহিলা ৱাৰ্ডেনক নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ ১

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ ধুবুৰী জিলা কাৰাগাৰত কৰ্মৰত এগৰাকী মহিলা ৱাৰ্ডেনক মানসিক আৰু শাৰিৰীক অত্যাচাৰ চলোৱাৰ তিনিগৰাকী অভিযুক্তৰ কৃষ্ণ বৰ্মন নামৰ এগৰাকীক আজি ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। নিজৰ নিৰাপত্তাক লৈ চৰম অনিশ্চয়তাত ভুগা ভূক্তভোগী সেই বিবাহিত মহিলা গৰাকীয়ে এই মৰ্মে বিগত ২৭ নৱেম্বৰৰ দিনা ধুবুৰী জিলা কাৰাগাৰৰ  অধীক্ষক প্ৰশান্ত ৰাজবংশীকে ধৰি সহকৰ্মী তথা আন এগৰাকী মহিলা ৱাৰ্ডেনৰ স্বামী কৃষ্ণ বৰ্মন আৰু জেলৰ এজন কয়েদি মজিবৰ ৰহমানৰ বিৰূদ্ধে ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। উক্ত এজহাৰ মৰ্মে ধুবুৰী সদৰ থানাত BNS 75(2)/76/79/332(B)/62/351(3)/3(5) নম্বৰ ধাৰাত ৪৪৬/২৪ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰিছিল আৰক্ষীয়ে। সেই গোচৰটোৰ এজন অভিযুক্ত কৃষ্ণ বৰ্মনক আজি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। উল্লেখ্যে যে, শেহতীয়াকৈ ধুবুৰী সদৰ থানাত এজাহার দাখিল কৰাৰ পিছৰ পৰা নিজৰ অধস্তন সেই মহিলা ৱাৰ্ডেনগৰাকীক মেনেজ কৰাৰ বাবে উঠি-পৰি লগাৰ নতুন অভিযোগো উত্থাপিত হৈছে জিলা কাৰগাৰটোৰ অধীক্ষক ৰাজবংশীৰ বিৰূদ্ধে। ইতিমধ্যে এজাহাৰ দাখিল কৰাৰ নিশাই ৰাজবংশীৰ হৈ তেওঁৰ ভাৰাগৃহত উপস্থিত হৈ দুজন লোকে বিভিন্ন প্ৰলোভন দিয়া বুলি সদৰি কৰিছে ভূক্তভোগী মহিলা গৰাকীয়ে। অৱশ্যে ৰাজবংশীৰ হৈ ওকালতি কৰিবলৈ অহা সেই লোক দুজনৰ সম্পূৰ্ণ কথোপকথন তেওঁ আৰু তেখেতৰ স্বামীয়ে কৌশলে ৰেকৰ্ড কৰা বুলি জানিব পৰা গৈছে। মোবাইলত ৰেকৰ্ড হোৱা সেই ভাষ্য অনুসৰি লোকজন ধুবুৰী জিলাৰ পাগলাহাটৰ পৰা ধুবুৰীলৈ অহা বুলি নিজৰ পৰিচয় দাঙি ধৰা পোৱা গৈছে। লোকগৰাকীয়ে ভুক্তভোগী ৱাৰ্ডেন আৰু তেওঁৰ স্বামীক বুজাবুজিৰে সকলো মানি লোৱাৰ হেঁচা প্ৰয়োগ কৰাৰ সমান্তৰালকৈ ধুবুৰী জিলা কাৰাগাৰৰ অধীক্ষকগৰাকীক কোনেও ধুবুৰীৰ পৰা বদলি কিয়; কোনেও একো কৰিব নোৱাৰে বুলি দম্ভালি মাৰা বুলিও প্ৰকাশ। আনকি পূৰ্বে এগৰাকী মেজিস্ট্রেট বেংকৰ বিষয়াই কাৰাগাৰত ড্ৰাগচৰ ব্যৱসায় চলা বুলি অনা অভিযোগৰ পিছত কাৰাগাৰ অধীক্ষক ৰাজবংশী নহয়; সেই মেজিস্ট্রেট গৰাকীয়েই বদলি হ’বলগীয়া বুলিও তেখেতৰ সন্মুখত সেই ব্যক্তিদ্বয়ৰ এগৰাকীয়ে উল্লেখ কৰা বুলিও চাঞ্চল্যকৰ এক বক্তব্যও স্থানীয় সংবাদিকৰ সন্মুখত কৰিছে ভূক্তভোগী ৱাৰ্ডেন গৰাকীয়ে। উল্লেখ্য যে, আজি ভূক্তভোগী মহিলাগৰাকীয়ে ধুবুৰী জিলা কাৰাগাৰৰ অধীক্ষক ৰাজবংশীৰ হৈ হেঁচা প্ৰয়োগ কৰিবলৈ অহা অলকেশ ৰয় আৰু দেহেৰুল হ’ক নামৰ লোক দুজনৰ বিৰূদ্ধেও আজি বিয়লি ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। পিছত উপস্থিত সাংবাদিকৰে হোৱা কথাবতাৰত তেখেতৰ প্ৰাণৰ আশংকাত ভূগা বুলি কাতৰ আৰ্তনাদ কৰাৰ সমান্তৰালকৈ তেখেতক বচাবলৈ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ মিনতি জনায়। আনকি ধুবুৰী জিলা কাৰাগাৰৰ  অধীক্ষক প্ৰশান্ত ৰাজবংশীয়ে তেখেতৰ পিতৃ-মাতৃকো ভাবুকি প্ৰদান কৰা বুলিও জনাইছে মহিলাগৰাকীয়ে। ইপিনে, মহিলাগৰাকীয়ে অনা সকলো অভিযোগ পোনছাটেই অস্বীকাৰ কৰিছে ৰাজবংশীয়ে। শেহতীয়াকৈ জানিব পৰা মতে, আজি সন্ধিয়া ধুবুৰী আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ দণ্ডাধীশ পৰ্যায়ৰ বিষয়াই দুয়োপক্ষৰ ভাষ্য গ্ৰহণ কৰাৰ সম্ভাবনা আছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like