নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমলৈ বাংলাদেশী অনা দালাল আলী হুছেইনক গ্ৰেপ্তাৰ আৰক্ষীৰ

🔹  ১৬ বাংলাদেশীক অসমত প্ৰৱেশ কৰোৱা ঘটনা সন্দৰ্ভত আটক আলী হুছেইনক

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট : অবৈধভাৱে অসমত প্ৰৱেশ কৰি কালি ধুবুৰীত কৰায়ত্ত হোৱা তথা ইতিমধ্যে আৰক্ষীয়ে বাংলাদেশলৈ ওভতাই পঠিওৱা লিপি আখতাৰ নামৰ বাংলাদেশী মহিলা এগৰাকীক সীমান্ত পাৰাপাৰ তথা আশ্ৰয় দিয়াৰ অভিযোগত আজি দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষীয়ে এজন যুৱকক আটক কৰি সোধা-পোছা চলাই থকা বুলি জানিব পৰা গৈছে। বৰ্তমানলৈ এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে জিলাখনৰ আৰক্ষীয়ে একো সদৰী কৰা নাই যদিও জানিব পৰা মতে আলী হুছেইন নামৰ যুৱকজনক বিষয়টো সন্দৰ্ভত শালমাৰা মানকাচৰ জিলা আৰক্ষীৰ শীৰ্ষ মহলে জেৰা চলাই আছে। ১৬ বাংলাদেশীক অসমত প্ৰৱেশ কৰোৱা ঘটনা সন্দৰ্ভত আটক কৰে আলী হুছেইনক। পূৰ্বেও বিভিন্ন অপৰাধমূলক কাম-কাজৰ বাবে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা ধৃত হুছেইনৰ ঘৰ জিলাখনৰ শুকচৰ থানা এলেকাৰ হাজিৰহাট অঞ্চলত। উল্লেখ্য যে কালি লিপি আখতাৰ নামৰ বাংলাদেশী মহিলাগৰাকীয়ে এগৰাকী বাংলাদেশী দালালকে ধৰি আন এগৰাকী ভাৰতীয় দালাল জনৈক আলীয়ে সহায় কৰা বুলি উল্লেখ কৰিছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like