নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈ মহিলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কৰবী শইকীয়াক নিলম্বন

🔹 সহকৰ্মীক অশালীন ব্যৱহাৰ আৰু কৰ্তব্যত গাফিলতিৰ অভিযোগ কৰবীৰ বিৰুদ্ধে
ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ ছেপ্টেম্বৰ : মঙলদৈ মহিলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা উপ-পৰিদৰ্শক কৰবী শইকীয়াক আজি দৰঙৰ আৰক্ষী অধীক্ষকে নিলম্বন কৰে। মাত্ৰ কেইমাহমান পূৰ্বে চাকৰিত যোগদান কৰা শইকীয়াৰ বিৰুদ্ধে সহকৰ্মীক অশালীন ব্যৱহাৰ আৰু কৰ্তব্যত গাফিলতিৰ অভিযোগ উঠিছিল। দৰঙৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালে বিষয়টোত তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ নিলম্বনৰ নিৰ্দেশ জাৰি কৰিছে। লক্ষণীয় যে দৰঙত বিগত দুটা বছৰত শীৰ্ষ অধীক্ষক পদত কাৰ্যনিৰ্বাহ কৰা বিষয়াৰ পৰা কনিষ্টবল, আনকি গৃহৰক্ষী জোৱানো ধনদাবী, ধন কাঢ়ি অনাৰ অভিযোগত নিলম্বন তথা ন্যায়িক জিম্মালৈ প্ৰেৰিত হৈ আহিছে। কিন্তু, গৃহ বিভাগে যিমানে পৰিৱৰ্তনৰ দিশে নিব বিচাৰি পদক্ষেপ লৈ নাথাকক কিয়, সলনি হোৱা নাই আৰক্ষী। স্বাভাৱিকতে মহিলা উপ-পৰিদৰ্শক এগৰাকীৰ নিলম্বনে পুনৰ খলকনি তুলিছে দৰঙত।
প্ৰেৰক দিগন্ত শৰ্মা
You might also like