নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰৰ লাটমণ্ডল বাপধন দাসক গ্রেপ্তাৰ

🔹 ভুৱা নামজাৰিৰে ভূমি জালিয়াতি

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ নৱেম্বৰ : ভুৱা নামজাৰিৰে সর্বসাধাৰণ ৰাইজৰ ভূমি দখল কৰা ভূ–মাফিয়া চক্রৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষী৷ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সদৰী কৰা মতে, চলিত বর্ষটোত মহানগৰীৰ সকলো থানাতে কেইবাটাও ভূমি সংক্রান্তীয় গোচৰ ৰুজু হৈ আছে৷ গোচৰবোৰৰ আধাৰতে মহানগৰীত পিয়াপি দি ফুৰি থকা ভূ–মাফিয়া চক্রবোৰ উৎখাত কৰাৰ বাবে সম্প্রতি সাজু হৈ উঠিছে মহানগৰ আৰক্ষী৷ এই অভিযানৰ অংশ ৰূপে পুনৰ কালি আৰক্ষীয়ে গ্রেপ্তাৰ কৰে এজন চৰকাৰী কর্মচাৰীক৷ ধৃত কর্মচাৰীজন দিছপুৰ ৰাজহ চক্রৰ লাটমণ্ডল বাপধন দাস (৫৮) ৷ নলবাৰীৰ ডিংডিঙি গাঁৱৰ বাসিন্দা তথা বর্তমানে ভৰলুমুখত থকা বাপধন দাসে ভূ–মাফিয়া চক্রটোৰ সৈতে লগ লাগি বহু লোকৰ মাটি নামজাৰিৰ ক্ষেত্রত খেলিমেলি লগাই দিছিল ৷ আৰক্ষী সূত্রৰ পৰা জানিব পৰা মতে, শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা দিছপুৰ ৰাজহ চক্রৰ ঠিকাভিত্তিক কর্মচাৰী ধ্রুৱজ্যোতি বর্মন, অধিবক্তা মইনুল হক আৰু কামৰূপ মহানগৰ জিলা আয়ুক্ত কার্যালয়ৰ উপ–পঞ্জীয়ন শাখাৰ কনিষ্ঠ সহায়ক নিতুল দাসৰ সৈতে কালি গ্রেপ্তাৰ কৰা বাপধন দাসৰ আছিল মধুৰ সম্পর্ক৷ দালাল চক্রৰ পৰা পোৱা খবৰৰ ভিত্তিত নির্দিষ্ট মাটিৰ সবিশেষ অর্থাৎ দাগ নম্বৰ, পট্টা নম্বৰ তথা মালিকৰ সবিশেষ যোগান ধৰাৰ দায়িত্ব আছিল লাটমণ্ডল বাপধন দাসৰ৷ তদুপৰি মাটিডোখৰৰ পৰিয়ালটোৰ বেকগ্রাউণ্ড তথ্যও যোগান ধৰিছিল লাটমণ্ডল বাপধন দাসে৷ এই কামখিনি কৰি দিয়াৰ বিনিময়ত দালাল চক্রটোৰ পৰা মোটা অংকৰ ধন কমিছন হিচাপে লাভ কৰিছিল বাপধন দাসে৷ যিহেতুকে লাটমণ্ডলৰ ওচৰতে মাটিৰ সবিশেষ তথ্য পাতি জমা থাকে৷ গতিকে লাট মণ্ডলজনক হাত কৰিব পৰা মানেই যিকোনো মাটি দখল কৰিবলৈ যথেষ্ট সুবিধা হয় দালাল চক্রৰ বাবে৷ আৰক্ষীয়ে প্রথমে ধ্রুৱজ্যোতি বর্মন নামৰ ঠিকাভিত্তিক কর্মচাৰীজনক গ্রেপ্তাৰ কৰাৰ পিছতে লাটমণ্ডল বাপধন দাসকো জেৰা চলাইছিল৷ অৱশ্যে জেৰাৰ পিছতে তেওঁক যাবলৈও দিয়া হৈছিল৷ কিন্তু শেহতীয়াকৈ জিলা আয়ুক্ত কার্যালয়ৰ কর্মচাৰী নিতুল দাসক গ্রেপ্তাৰ কৰাৰ পিছতে তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত বাপধন দাসকো গ্রেপ্তাৰ কৰা হয়৷ ইপিনে, জিলা আয়ুক্ত কার্যালয়ৰ কর্মচাৰী নিতুল দাস সন্দর্ভতো আৰক্ষীয়ে নতুন নতুন তথ্যৰ সম্ভেদ পাবলৈ সক্ষম হৈছে৷ কামৰূপ মহানগৰ জিলাৰ উপ–পঞ্জীয়ক কার্যালয়ৰ ভলিউম ৰেজিষ্টাৰৰ দায়িত্বত আছিল নিতুল দাস৷ দিছপুৰ ৰাজহ চক্র বিষয়া পাপু গগৈৰ গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে ঠিকাভিত্তিক কর্মচাৰী ধ্রুৱজ্যোতি বর্মনক গ্রেপ্তাৰ কৰাৰ পিছতে ভুৱাকৈ নামজাৰি কৰা মাটিডোখৰৰ তথ্য বিচাৰি প্রথমতে কাষ চাপিছিল নিতুল দাসৰ৷ মহানগৰ আৰক্ষীৰ জাননীখন দেখিয়েই চতুৰ নিতুল দাসে অনুমান কৰিবলৈ সক্ষম হৈছিল আহি থকা সম্ভাব্য বিপদৰ কথা৷ সেয়ে পূর্বৰ দৰেই আৰক্ষীয়ে বিচৰা ভলিউম বুকখন কার্যালয়ৰ ষ্টোৰত নথকা বুলি প্রত্যুত্তৰ দি তদন্তত বিভ্রান্ত কৰিবলৈ বিচাৰিছিল৷ কিন্তু সেয়াই মহানগৰ আৰক্ষীৰ বাবে এটা উপযুক্ত তথ্যত পৰিণত হ’ল৷ পৰৱর্তী তদন্তত নিতুল দাস জড়িত থকা বিষয়টো প্রমাণিত হোৱাত আৰক্ষীয়ে তেওঁক গ্রেপ্তাৰ কৰাৰ লগতে বহুতো আপত্তিজনক তথ্যপাতি উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ সূত্রটোৱে সদৰী কৰা মতে, পৰৱর্তী তদন্তত আন কেইবাজনো চৰকাৰী কর্মচাৰীৰ লগতে অধিবক্তাও আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে৷ অপেক্ষা মাথোঁ সময়লৈ৷

You might also like