নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎকোচ লৈ গ্রেপ্তাৰ যোৰহাট সদৰ থানাৰ উপ–পৰিদর্শক প্রণৱ নাথ

বিশেষ বার্তা, ৩০ জুলাই : বঙাইগাঁৱত আৰক্ষী সন্মিলন অনুষ্ঠিত কৰাৰ এদিনৰ পিছতে যোৰহাট সদৰ থানাৰ এজন নগৰ উপ–পৰিদর্শক উৎকোচ লৈ ধৰা পৰা ঘটনাই প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ যোৰহাট সদৰ থানাৰ ভিতৰতে এজন ব্যক্তিৰ পৰা বিশ হাজাৰ টকা উৎকোচ লৈ নিৰীক্ষণ আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ৰ জালত পৰা যোৰহাট সদৰ থানাৰ নগৰ উপ–পৰিদর্শকজনৰ নাম প্রণৱ নাথ ৷ আজি দিনৰ প্রায় ১২.৩০ বজাত আৰক্ষী উপ–পৰিদর্শক প্রণৱ নাথে এজন ব্যক্তিৰ এটা মাৰপিটৰ গোচৰ নিষ্পত্তি কৰিবৰ বাবে বিশ হাজাৰ টকা লোৱাৰ সময়তে অভিযানকাৰী দলে হাতে–লোটে গ্রেপ্তাৰ কৰে ৷ ইয়াৰ পিছত যোৰহাট সদৰ থানাত মাৰাথন জেৰাৰ অন্তত বিয়লি ছয় বজাত ধৃত প্রণৱ নাথক গুৱাহাটীলৈ নিয়ে৷ ইতিপূর্বেও আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ আছিল বুলি কোৱা হৈছে ৷ উল্লেখ্য যে প্রণৱ নাথে মাত্র কেইমাহমানৰ পূর্বে যোৰহাট সদৰ থানাত নগৰ উপ–পৰিদর্শক হিচাপে যোগদান কৰিছিল ৷ ইয়াত পূর্বে যোৰহাটৰ লিচুবাৰী আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া আছিল প্রণৱ নাথ ৷ আৰক্ষী বিষয়াজনৰ এনে নিন্দনীয় কার্যই পুনৰ অসম আৰক্ষীক লজ্জিত কৰিলে ৷ ৰাজ্য চৰকাৰে চৰকাৰী বিষয়াক উৎকোচ গ্রহণ নকৰিবলৈ বাৰম্বাৰ সকীয়নি দিয়াৰ পিছতো ইজনৰ পিছত আন এজন চৰকাৰী বিষয়াই ধাৰাবাহিকভাৱে ঘোচ লৈ হাত দাঙিব লগা বিষয়টোৱে দুর্নীতিৰ শিপাডাল কিমান দূৰলৈ প্রসাৰিত হৈ আছে, তাকেই কার্যতঃ প্রতীয়মান কৰিলে৷

প্ৰেৰক ৰঞ্জিত ভূঞা

You might also like