নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত উদণ্ড যুৱকৰ দলে মৰিয়াই হত্যা কৰিলে টম্লু সোণাৰক

🔹 পুৰণি শত্ৰুতাৰ বাবেই নৃশংস হত্যাকাণ্ড

বিশেষ বাৰ্তা, ১১ জুলাই : পুৰণি শত্ৰুতাৰ বাবেই এক নৃশংস হত্যাকাণ্ড সংঘটিত হ’ল ডিব্ৰুগড়ত। কোঠাৰ ভিতৰত যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰে একাংশ উদণ্ড যুৱকে। ডিব্ৰুগড়ৰ আলুবাৰীত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। গণপ্ৰহাৰত মৃত যুৱকজন টম্লু সোণাৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, দীপজ্যোতি ৰাজবংশী নামৰ এজন যুৱকে পুৰণি প্ৰতিশোধতে ১১-১২ জনীয়া যুৱকৰ দল লৈ আক্ৰমণ কৰে ২৪ বছৰীয়া টম্লু সোণাৰ নামৰ যুৱকজনক। গণপ্ৰহাৰত গুৰুতৰভাৱে আহত টম্লু সোণাৰ নামৰ যুৱকজনক অসম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও আজি পুৱা যুৱকজনে মৃত্যুক আঁকোৱালি লয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই অভিযান আৰম্ভ কৰিছে যদিও এই মুহূৰ্তলৈকে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

প্ৰেৰক বিভাস দুৱৰা

You might also like