🔹 আৰক্ষীৰ আগত মুখ খুলিছে প্রেয়সী মনালিছাই
🔹 ৪ বছৰত লাইফ ষ্টাইল সলনি হৈছিল ডি বি ব্র’কিঙত ৰিচেপচনিষ্ট হিচাপে যোগদান কৰা মনালিছাৰ
বিশেষ বাৰ্তা, ২৩ আগষ্ট : শ্বেয়াৰ মার্কেটত অনলাইন ট্রেডিঙেৰে ধন বিনিয়োগ কৰি নিশাটোৰ ভিতৰতে কোটিপতি হোৱাৰ সপোন দেখুৱাই প্রৱঞ্চনাৰে এক–দুই নহয়, চাৰি হাজাৰ কোটি টকা লুণ্ঠন কৰি পলায়ন কৰা ডি বি ষ্টক ব্র’কিঙৰ স্বত্বাধিকাৰী দীপাংকৰ বর্মনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে৷ পৰহি আৰক্ষীয়ে উজান বজাৰৰ খাৰঘুলিৰ পৰা গ্রেপ্তাৰ কৰিছিল প্রৱঞ্চকটোৰ বাগদত্তা মনালিছা দাসক৷ আৰক্ষীৰ জেৰাত মনালিছা দাসে প্রৱঞ্চনা সম্পর্কে কেইবাটাও গুৰুত্বপূর্ণ কথা স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে বিগত ২০২০ চনত ডি বি ষ্টক ব্র’কিঙত এগৰাকী সাধাৰণ ৰিচেপচনিষ্ট হিচাপে মাহেকীয়া দৰমহাৰ ভিত্তিত নিয়োজিত হৈছিল মনালিছা দাস৷ অতি কম সময়ৰ ভিতৰতে প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰী দীপাংকৰ বর্মনৰ পি এ পদবীলৈ পদোন্নতি মনালিছাই লাভ কৰিবলৈ সক্ষম হৈছিল৷ সময় যোৱাৰ লগে লগে কর্মচাৰীৰ পৰা অন্তৰংগ প্রেমিকা আৰু পিছলৈ সহধর্মিণী হোৱাৰো বাট প্রশস্ত কৰিছিল মনালিছা দাসে৷ চলিত বর্ষৰ ২৭ নৱেম্বৰত দীপাংকৰ বর্মনৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পৰিকল্পনা কৰা মনালিছা দাসে বিবাহ অনুষ্ঠানৰ বাবে হোটেল তাজ ভিভাণ্টা এক লাখ টকাত আগতীয়া বুকিং কৰিছিল৷ কিন্তু প্রৱঞ্চনাৰ জালখন ফাদিল হোৱাৰ পাছত ৰাইজৰ ৰোষত পৰাৰ আতংকই গ্রাস কৰা মনালিছা দাসে এতিয়া এফালৰ পৰা ক’বলৈ আৰম্ভ কৰিছে দীপাংকৰ বর্মনৰ বহু কু–কীর্তি৷ আৰক্ষীৰ জেৰাত কেইবাটাও ভয়ংকৰ তথ্য স্বীকাৰ কৰে মনালিছাই৷ আৰক্ষী সূত্রই সদৰী কৰা মতে, দীপাংকৰ বর্মনৰ লুণ্ঠনৰ কাহিনীৰ বিষয়ে আনৰ তুলনাত পিতৃ–মাতৃ অধিক অৱগত বুলি মনালিছা দাসে জনাইছে৷ ৰাইজৰ লুণ্ঠন কৰা ধন ক’ত কিদৰে লুকুৱাই ৰাখিছে সেয়া পিতৃ–মাতৃয়ে এতিয়া নজনাৰ ভাও ধৰিলেও ভালদৰে জানে৷ তেওঁলোক দুয়োকে জেৰা চলালে সকলো তথ্য পোহৰলৈ অহাৰ দাবী কৰিছে মনালিছাই৷ অকল বেংকৰ একাউণ্টতেই নহয়, বিভিন্ন ঠাইত প্রৱঞ্চক দীপাংকৰে ধন বিনিয়োগ কৰাৰ লগতে বহু ঘনিষ্ঠ লোকৰ তাত নগদ ধন জমা ৰখাৰ তথ্যও মনালিছা দাসে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে বুলি সূত্রটোৱে কয়৷ লক্ষণীয় যে আৰক্ষীৰ জেৰাত মনালিছা দাসে মুঠ ১২টাকৈ বেংক একাউণ্টৰ সবিশেষ দাখিল কৰাৰ লগতে উক্ত একাউণ্টবোৰৰ জৰিয়তে বিগত সময়ছোৱাত কোটি কোটি টকা ধনৰ লেনদেন হৈছিল বুলি সূত্রটোৱে কয়৷ এই একাউণ্টসমূহৰ ভিতৰত তিনিটা বেচৰকাৰী বেংক একাউণ্টত প্রায় ২৫ লাখ টকা জমা থকাৰ বাহিৰে আন একাউণ্টবোৰত নগদ ধন নাছিল বুলি সূত্রটোৱে জনাইছে৷ এই সন্দর্ভত বেংক কর্তৃপক্ষৰ সৈতে মহানগৰ আৰক্ষীয়ে যোগাযোগ কৰাৰ লগতে সবিশেষ বিচাৰি পত্রও প্রেৰণ কৰিছে৷ বেংকৰ প্রতিবেদন অহাৰ পাছতহে ধনবোৰ ক’ত কেতিয়া কিদৰে কোনে উলিয়াই নিছিল সেয়া পোহৰলৈ অহাৰ আশা কৰিছে আৰক্ষীয়ে৷ মন কৰিবলগীয়া যে যোৱা ১৯ আগষ্টৰ সন্ধিয়াৰ ভাগলৈকে গ্রাহকক নগদ ধন আদায় দিয়াত ব্যস্ত থকা দীপাংকৰ বর্মনে হঠাতেই সেইদিনা নিশাই অন্তর্ধান হৈছিল৷ তাৰ পিছতে একাংশ ভুক্তভোগীয়ে পল্টন বজাৰ থানাত প্রৱঞ্চকটোৰ বিৰুদ্ধে ২৮৮/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰিছিল৷ উক্ত গোচৰৰ আধাৰতে প্রৱঞ্চকটোৰ প্রেমিকা মনালিছা দাসক জেৰা চলাই কালি আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ অন্তত আদালতত হাজিৰ কৰায়৷ আদালতে ৭ দিনৰ আৰক্ষী জিম্মালৈ প্রৱঞ্চকটোৰ প্রেমিকা মনালিছা দাসক প্রেৰণ কৰে৷ উল্লেখ্য যে এজাহাৰখনত প্রৱঞ্চক দীপাংকৰ বর্মন আৰু প্রেয়সী মনালিছা দাসৰ লগতে আন ৮টা প্রৱঞ্চকৰ নামো সন্নিৱিষ্ট কৰা হৈছে৷ উক্ত প্রৱঞ্চককেইটা হৈছে ক্রমে পূজা পেটেল, ৰঞ্জনা দাস, মিথিংগা বড়ো, নিতুমণি চৌধুৰী, ৰাকেশ লহকৰ, তনয় দেৱ, গৌৰৱ বর্মন আৰু নিতুমণি কলিতা৷ উক্ত প্রৱঞ্চককেইটা দীপাংকৰ বর্মনৰ অত্যন্ত ঘনিষ্ঠ হোৱাৰ লগতে ডি বি ষ্টক ব্র’কিঙৰ কর্মচাৰী আছিল বুলিও জানিব পৰা গৈছে৷ সম্প্রতি মনালিছা দাসৰ বাহিৰে আনকেইজন পলাতক হৈ থকাৰ লগতে প্রৱঞ্চককেইটাৰ ম’বাইল ফোনকেইটাও বন্ধ হৈ আছে৷ ইপিনে, কষ্টোপার্জিত ধন প্রৱঞ্চনাৰে হেৰুওৱাৰ বিষয়ে অৱগত হৈ সম্প্রতি প্রতিবাদমুখৰ হৈ পৰা ভুক্তভোগীসকলে দীপাংকৰৰ গোটানগৰত থকা এপার্টমেণ্টত আক্রমণ চলাই লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে পিতৃ চবিন বর্মনে৷ সংবাদ মাধ্যমৰ সন্মুখত চবিন বর্মনে অভিযোগ কৰা মতে, একাংশ গ্রাহকে ধন বিচৰাৰ নামত ঘৰটোত লুণ্ঠন চলোৱাৰ লগতে বলপূর্বকভাৱে উকা চেকত তেওঁৰ স্বাক্ষৰ সংগ্রহ কৰি নিছে৷ তদুপৰি তেওঁলোকক বাহিৰৰ পৰা তলা মাৰি উক্ত লোকসকল গুচি গৈছে বুলিও অভিযোগ তোলে৷ কিন্তু প্রৱঞ্চক দীপাংকৰ বর্মনৰ পিতৃ–মাতৃৰ এই অভিযোগ নস্যাৎ কৰি একাংশ ভুক্তভোগীয়ে কয় যে সকলো জানিও তেওঁলোকে নজনাৰ ভাও জুৰিছে৷ কোনো ধন হেৰুওৱা লোকে তেওঁলোকৰ ঘৰত উদ্ভণ্ডালি চলোৱা নাই৷ আমি জনাত চাৰি–পাঁচজন দীপাংকৰ বর্মনৰ ঘনিষ্ঠ লোকে আহি ঘৰটোত সোমাই বস্তু ভাঙি বিভিন্ন নথি–পত্র লৈ পলায়ন কৰিছে৷ তেওঁৰ দেউতাক যদি ইমানেই নিৰীহ মানুহ হয়, তেন্তে এজন অৱসৰপ্রাপ্ত চৰকাৰী কর্মচাৰীয়ে যোৱা ১৯ আগষ্টত বাহিৰৰ ৰিয়েল ইষ্টেট ফার্মত কিদৰে ক’ৰ পৰা ১৯ লাখ টকা বিনিয়োগ কৰিছে? ৰাইজৰ ৰোষৰ পৰা হাত সাৰিবলৈ পিতৃ–মাতৃয়েও এতিয়া সকলো জানিও নজনাৰ ভাও ধৰিছে৷ আনহাতে, ৰাইজৰ ৰোষত পৰাৰ পিছত দীপাংকৰৰ মাতৃয়ে সামাজিক মাধ্যমযোগে ঘৰলৈ ঘূৰি আহি সকলো সমস্যা সমাধান কৰিবলৈ পুত্রক আহ্বান জনাইছে৷ ৰাইজৰ ধন ওভতাই দি তেওঁলোকক ৰক্ষা কৰিবলৈ পুত্রক আহ্বান জনাইছে মাতৃয়ে৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও দীপাংকৰ বর্মনৰ সঠিক লোকেচন এতিয়ালৈকে লাভ কৰিব পৰা নাই৷ সূত্রটোৱে সদৰী কৰা মতে, বহিঃৰাজ্যলৈ হয়তো প্রৱঞ্চকটোৱে পলায়ন কৰিছে৷ কিন্তু য’তেই নাথাকক কিয় শীঘ্রে প্রৱঞ্চকটোক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব৷ উল্লেখ্য যে ২০২০ চনত ডি বি ব্র’কিঙত ৰিচেপছনিষ্ট হিচাপে যোগদান কৰা মনালিছাৰ লাইফ ষ্টাইল সলনি হৈছিল ৪ বছৰত।