নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নী হত্যাৰ অভিযোগত অভিযুক্ত গাঁওপ্ৰধানক আটক

🔹 এয়া এক পৰিকল্পিত ষড়যন্ত্ৰ বুলি মহাদেৱ দাসৰ দাবী

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰ : পত্নীক পৰিকল্পিত হত্যাৰ অভিযোগত আটক কৰিলে নগৰবেৰা ৰাজহ চক্ৰৰ যোগীপাৰা গাঁৱৰ গাঁওপ্ৰধান মহাদেৱ দাসক | দীৰ্ঘদিনৰে পৰা পত্নী প্ৰণীতা কলিতা দাসক শাৰীৰিক-মানসিক নিৰ্যাতন চলাই যোৱা ৩০ ছেপ্টেম্বৰত পৰিকল্পিতভাৱে বিহ পান কৰোৱাই গাঁওপ্ৰধান মহাদেৱ দাসে মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল খোদ শহুৰেক মোহন কলিতাই | উল্লেখ্য যে পত্নী প্ৰণীতা কলিতা দাসৰ চিকিৎসাধীন অৱস্থাতে জিএমচিএইচত যোৱা ৭ অক্টোবৰত মৃত্যু ঘটিছিল ৷ ইপিনে, ৪ অক্টোবৰত জিএমচিএইচৰ পৰা ৰহস্যজনকভাৱে অন্তৰ্ধান হৈছিল অভিযুক্ত যোগীপাৰা গাঁৱৰ গাঁওপ্ৰধান মহাদেৱ দাস | আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিনৰ পৰা আত্মগোপন কৰি থকা মহাদেৱ দাসক মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় গোস্বামী আৰু সহকাৰী উপ-পৰিদৰ্শক মুকুট খানে এক অভিযান চলাই শনিবাৰে পুৱতি নিশা আটক কৰেিবলৈ সক্ষম হয় আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে | ইপিনে, ঘটনা সন্দৰ্ভত অভিযুক্ত গাঁওপ্ৰধান মহাদেৱ দাসে তেওঁৰ বিৰুদ্ধে এয়া এক পৰিকল্পিত ষড়যন্ত্ৰ বুলি প্ৰকাশ কৰি নিজকে দোষী নহয় বুলি দাবী কৰে৷ লগতে নিৰাপত্তাৰ খাতিৰতহে মেডিকেলৰ পৰা সন্তানক লৈ পলায়ন কৰা বুলিও মন্তব্য কৰে গাঁওপ্ৰধানগৰাকীয়ে | উল্লেখ্য যে একে অভিযোগত অভিযুক্ত মহাদেৱ দাসৰ ভাগিনীয়েক ৰাহুল দাসকো ১১ অক্টোবৰক আটক কৰিছিল আৰক্ষীয়ে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like