নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰৰ শিলঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস, আবদ্ধ বিদেশী পৰ্যটক

বিশেষ বাৰ্তা, ৪ ডিচেম্বৰ : অসমৰ স্বাভিমান  মহাবাহু ব্ৰহ্মপুত্ৰৰ ভবিষ্যতক লৈ এতিয়া শংকাৰ সৃষ্টি হৈছে। ধুবুৰীকে ধৰি ৰাজ্যখনৰ কেবাটাও স্থানত ব্ৰহ্মপুত্ৰৰ জলস্তৰ শেহতীয়াকৈ হ্ৰাস হিচাপে হোৱাৰ খবৰে নৈপৰীয়া ৰাইজলৈ অশনি সংকেত নমাই আনিছে। একেদৰে নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাট আদি এলেকাত ব্ৰহ্মপুত্ৰৰ জলস্তৰ  হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। নদীখনত এতিয়া সুতিসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। শিলঘাটৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ ঠায়ে ঠায়ে সৃষ্টি বালিচৰৰ। নদীখনৰ জলস্তৰ কমি অহাৰ লগে লগে জাহাজৰে শিলঘাটলৈ অহা পৰ্যটকৰ দল সমস্যাৰ সন্মুখীন হব লগা হৈছে। জলস্তৰ হ্ৰাসৰ বাবে কালি বিদেশী পৰ্যটক কঢ়িয়াই অনা এখন জাহাজ ব্ৰহ্মপুত্ৰৰ মাজত ৰখাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। চুইজাৰলেণ্ডৰ পৰা ৭জন পৰ্যটক কঢ়িয়াই আনিছিল মহাবাহু নামৰ জাহাজখনে। জাহাজখন নদীৰ মাজত ৰখাব লগা হোৱাত পৰ্যটক সকলক সৰু নাৱেৰে পাৰলৈ আনিব লগা হয়। জাহাজৰে বিদেশী পৰ্যটক ব্ৰহ্মপুত্ৰৰে আহি শিলঘাট পাৰঘাটত উঠে আৰু তাৰ পৰাই কলিয়াবৰৰ বিভিন্ন পৰ্যটনস্থলী পৰিদৰ্শন কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যায়। স্থানীয় সুত্ৰই সংবাদ মাধ্যমক জনোৱা মতে শিলঘাট অঞ্চলত ব্ৰহ্মপুত্ৰৰ পানী প্ৰতিদিনে ৫-৬ ছেন্টিমিটাৰ কৈ কমি আছে। ব্ৰহ্মপুত্ৰৰ পানী শুকাই অহাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি স্থানীয় লোক সকলে কব বিচাৰে। নিম্নগামী জলস্তৰে কলিয়াবৰৰ নদী পৰ্যটনৰ ক্ষেত্ৰত বাৰুকৈয়ে প্ৰভাৱ পেলাব বুলি স্থানীয় লোক সকলে মন্তব্য কৰে। জলস্তৰ হ্ৰাস হৈ থাকিলে ভবিষ্যতে নদী পথৰে অহা বিদেশী পৰ্যটকসকল অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা নুই কৰিব নাম নোৱাৰি।
প্ৰেৰক কনক হাজৰিকা
You might also like