নিয়মীয়া বাৰ্তা ডিজিটেল, ২ ডিচেম্বৰঃ বাংলাদেশত ইস্কনৰ ধর্মীয় গুৰুক গ্রেপ্তাৰৰ পাছতে সৃষ্টি হোৱা পৰিস্থিতিক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বৰাকৰ লক্ষীপুৰত এটা অনুষ্ঠানত অংশগ্রহণৰ অন্তত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে বাংলাদেশত যিসমূহ ঘটনা সংঘটিত হৈছে সেয়া অত্যন্ত দুখজনক৷ ঘটনাৱলী সন্দর্ভত ভাৰত চৰকাৰে ইতিমধ্যে প্রতিক্রিয়া প্রকাশ কৰিছে৷ তেওঁ কয়– ‘বাংলাদেশত সংখ্যালঘু হিন্দুসকলক সুৰক্ষা দিয়াটো বাংলাদেশ চৰকাৰৰ দায়িত্ব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিভিন্ন কূটনৈতিক ব্যৱস্থাৰে বাংলাদেশ চৰকাৰে যাতে হিন্দুসকলক সুৰক্ষা দিয়ে, তাৰ বাবে প্রচেষ্টা কৰি আছে৷ আমি সকলোৱে বিশেষকৈ সমগ্র ভাৰত–বাংলাদেশৰ হিন্দু সংখ্যালঘুসকলৰ লগত থিয় হৈ আছোঁ৷ তেওঁলোকৰ যি নিৰাপত্তাহীনতা, দুৰৱস্থা তথা যিধৰণে তেওঁলোকক গ্রেপ্তাৰ কৰা হৈছে, অত্যাচাৰ কৰা হৈছে আমি সকলো চিন্তিত হৈ আছোঁ৷ কিন্তু মই বিশ্বাস কৰোঁ যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত আমি বাংলাদেশত হিন্দু লোকসকলক সুৰক্ষা দিবলৈ সক্ষম হ’ম৷’ আনহাতে ভাৰত–বাংলাদেশ সীমান্তৰে চুবুৰীয়া দেশখনৰ পৰা হিন্দু লোক অসমৰ ফালে অহাৰ কোনো প্রমাণ পোৱা নাই বুলিও তেওঁ উল্লেখ কৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে কয় যে অসমৰ সীমান্তত সুৰক্ষা ব্যৱস্থা কটকটীয়া হৈ আছে৷ আমি দেখিছোঁ যে বাংলাদেশৰ হিন্দু লোক অসমৰ ফালে অহাৰ কোনো প্রমাণ পোৱা নাই৷ যিসকল লোকক ধৰা হৈছে, তেওঁলোকৰ ফটোগ্রাফ দৈনিক টুইটযোগে দি থকা হৈছে৷ কোন আহিছে, কোন অহা নাই সেয়া আপোনালোকে দেখি আছে৷