লাহৰীঘাটত জৰাজীৰ্ণ কাঠৰ দলঙে যাতায়াতত জীয়াতু ভোগাইছে সৰ্বসাধাৰণক
নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটত জৰাজীৰ্ণ কাঠৰ দলঙে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভূগিব আহিছে স্থানীয় ৰাইজ। লাহৰীঘাট সমজিলাৰ অন্তৰ্গত চেতুৱাইখাইতীৰ পৰা লাহৰীঘাট আৰু মৰিগাঁও সংযোগী পথৰ কাঠৰ দলঙৰ বিধ্বস্ত ৰূপে সৰ্বসাধাৰণ যমৰ যাতনা ভূগি আহিছে। উল্লেখ্য যে দুবছৰ পূৰ্বে অতি ব্যস্ত পথ চেতুৱাইখাইতীত নিৰ্মাণ কৰা হৈছিল কাঠৰ দলং। দুবছৰতেই কাঠৰ দলংখন একেবাৰে জহিখহি গৈছে। দলংখনৰ মাজে মাজে কাঠ সমূহ ভাঙি যোৱাত যাতায়ত কৰিব নোৱাৰে। দৈনিক হাজাৰ হাজাৰ লোকৰ লগতে শ শ সৰু বৰ গাড়ী চলাচল কৰা চেতুৱাইখাইতী পথৰ দলংখনৰ এই বিধ্বস্ত অৱস্হাই স্হানীয় ৰাইজক জ্বলা-কলা খুৱাইছে। এই জৰাজীৰ্ণ দলংৰে গাড়ীতো দূৰৰ কথা সাধাৰণ বাইকো ঠেলি ঠেলি পাৰ কৰিব লগা হয়। যিকোনো মূহুৰ্তত দলংখনত ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু মৰিগাঁও জিলা লোক নিৰ্মাণ বিভাগে দলংখন মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজ জাঙুৰ খাই উঠিছে।
প্ৰেৰক আবুল কালাম