নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কাজিৰঙা চাবলৈ আহক বিশ্ববাসী’ : প্রধানমন্ত্রীৰ আহ্বান

🔹 কাজিৰঙাত স্মৰণীয় হাতী–জীপ ছাফাৰী মোদীৰ

বিশেষ বাৰ্তা, ১০ মার্চ : ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্র কাজিৰঙাৰ নৈসর্গিক সৌন্দর্য কালি পুৱাই উপভোগ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ দুদিনীয়া কার্যসূচীৰে পৰহি বিয়লি কাজিৰঙাত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীয়ে কালি কাহিলিপুৱাই ৰাষ্ট্রীয় উদ্যানখনৰ মূল প্রৱেশদ্বাৰ কঁহৰা বনাঞ্চলত হাতী আৰু জীপ ছাফাৰী কৰে ৷ প্রথমে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ অতি বিশ্বস্ত দঁতাল হাতী ‘প্রদ্যুম্ন’ৰ পিঠিত উঠি তেওঁ কাজিৰঙাৰ অপূর্ব প্রাকৃতিক সৌন্দর্য উপভোগ কৰে৷ প্রধানমন্ত্রীগৰাকীক প্রদ্যুম্নৰ পিঠিত লৈ ৰাষ্ট্রীয় উদ্যানখনৰ অন্তর্ভাগ ভ্রমণ কৰোৱায় অভিজ্ঞ মাউত ৰাজু গোৱালাই৷ ভাৰতীয় সেনা বাহিনীৰ পোছাক আৰু মূৰত কাওবয় হেড পৰিধান কৰি হাতীৰ পিঠিৰ পৰাই প্রধানমন্ত্রীগৰাকীয়ে প্রত্যক্ষ কৰিলে এশিঙীয়া গঁড়, পহু, হৰিণ আৰু বহু জীৱ–জন্তু৷ নিচেই কাষৰ পৰা গঁড়, পহু, হৰিণ আদি প্রত্যক্ষ কৰি উৎফুল্লিত হৈ পৰা প্রধানমন্ত্রীগৰাকীয়ে মাউত ৰাজু গোৱালাৰ পৰা গঁড়, হৰিণ আদি জন্তুৰ মতা–মাইকী কেনেকৈ চিনাক্ত কৰিব পাৰি, সেই সন্দর্ভত প্রশ্ন কৰাৰ লগতে জীৱ–জন্তুৰ বিভিন্ন প্রজাতিৰ বিষয়েও জানিব বিচাৰে৷ মাউত ৰাজু গোৱালাই প্রধানমন্ত্রীগৰাকীক তন্ন তন্নকৈ সকলো কথা উল্লেখ কৰে৷ প্রায় ২০ মিনিটৰো অধিক সময় ধৰি হাতীৰ পিঠিত কাজিৰঙা পৰিদর্শনৰ পাছত খোলা জীপত উঠি জীপ ছাফাৰীও কৰে৷ জীপ ছাফাৰীৰ সময়ত প্রধানমন্ত্রীগৰাকীক সংগ দিয়ে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে৷ প্রধানমন্ত্রীগৰাকীয়ে সঞ্চালকগৰাকীক ৰাষ্ট্রীয় উদ্যানখন সন্দর্ভত বিভিন্ন প্রশ্ন কৰাৰ লগতে এলিভেটেড কৰিড’ৰ সম্পর্কেও সবিশেষ তথ্য লয়৷ প্রধানমন্ত্রীগৰাকীয়ে জীপচালক ইবোচা সিঙৰ লগতো বার্তালাপ কৰে৷ প্রধানমন্ত্রীগৰাকীয়ে কাজিৰঙাৰ জীপ ছাফাৰীৰ পাছতে ৰাষ্ট্রীয় উদ্যানখনৰ সুৰক্ষাৰ কাৰণে নৱগঠিত মহিলা বনৰক্ষী দল ‘বন দুর্গা’ৰ ৩৬গৰাকী বীৰাংগনাৰ সৈতে মত বিনিময় কৰে৷ বনৰক্ষীসকলক মা দুর্গাৰ দৰে শক্তিশালী ৰূপত অৰণ্য আৰু বন্যপ্রাণীক সংৰক্ষণ দিবলৈ আহ্বান জনায়৷ বন দুর্গা দলৰ নিষ্ঠা আৰু সাহসক প্রশংসাও কৰে প্রধানমন্ত্রীগৰাকীয়ে৷ তদুপৰি তেওঁ কাজিৰঙা ভ্রমণৰ সময়ত পর্যটকে ব্যৱহাৰ কৰা লক্ষীমাই, প্রদ্যুম্ন আৰু ফুলমাই নামৰ হাতীকেইটাক কুঁহিয়াৰ খুৱায়৷ ইফালে, কাজিৰঙা পৰিদর্শন কৰি কালি প্রধানমন্ত্রীগৰাকীয়ে তেওঁৰ এক্স হেণ্ডেলত বিশ্ববাসীক কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সৌন্দর্য উপভোগ কৰিবলৈ আহ্বান জনায়৷ সামাজিক মাধ্যমত তেওঁ এইবুলি উল্লেখ কৰে– আজি পুৱা মই অসমৰ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত আছিলোঁ৷ সুবিশাল সেউজীয়াৰে পৰিৱেষ্টিত ইউনেস্ক’ৰ এই বিশ্ব ঐতিহ্যক্ষেত্রখন বিশ্বপ্রসিদ্ধ এশিঙীয়া গঁড়কে ধৰি বৈচিত্র্যময় উদ্যান আৰু প্রাণীজগতেৰে সমৃদ্ধ৷ আপোনালোক সকলোকে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান ভ্রমণ কৰি ইয়াৰ অতুলনীয় নৈসর্গিক সৌন্দর্য আৰু অসমৰ জনসাধাৰণৰ আদৰ অনুভৱ কৰিবলৈ আহ্বান জনালোঁ৷ কাজিৰঙা এনে এক ঠাই, য’ত প্রতিটো ভ্রমণে আপোনাৰ আত্মাক সমৃদ্ধ কৰি অসমৰ লোকসকলৰ হূদয়ৰ সৈতে গভীৰভাৱে সংযোগ স্থাপন কৰে৷ মহিলা বনৰক্ষী দল বন দুর্গাৰ সৈতে মত বিনিময় কৰে, যিসকলে সংৰক্ষণৰ প্রচেষ্টাত অগ্রণী ভূমিকা পালন কৰাৰ লগতে সাহসেৰে আমাৰ অৰণ্য আৰু বন্যপ্রাণীক সংৰক্ষণ কৰি আহিছে৷ আমাৰ প্রাকৃতিক ঐতিহ্য সংৰক্ষণত তেওঁলোকৰ নিষ্ঠা আৰু সাহস সঁচাকৈয়ে প্রশংসনীয়৷ লক্ষীমাই, প্রদ্যুম্ন আৰু ফুলমাই নামৰ হাতীকেইটাক কুঁহিয়াৰো খুৱালে৷ কাজিৰঙা গঁড়ৰ বাবে বিখ্যাত যদিও ইয়াত বিভিন্ন প্রজাতিৰ বন্যপ্রাণীৰ লগতে যথেষ্ট পৰিমাণে হাতী পোৱা যায়৷ আনহাতে, কালি মেলেং মেটেলি খেলপথাৰত অনুষ্ঠিত বৃহৎ ৰাজহুৱা সভাতো ৰাষ্ট্রীয় উদ্যানখন সন্দর্ভত প্রধানমন্ত্রীগৰাকীয়ে কয়– এশিঙীয়া গঁড়ৰ ৭০ শতাংশ কাজিৰঙাত আছে৷ ই এক অনন্য ৰাষ্ট্রীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চল৷ ইয়াৰ জৈৱ–বৈচিত্র্য সঁচাকৈ আকর্ষণীয়৷ এশিঙীয়া গঁড়ৰ লগতে জলাশয়, হৰিণ, বাঘ, হাতী, বন্য ম’হ আদি বন্যপ্রাণী প্রত্যক্ষ কৰি মই অভিভূত৷ প্রধানমন্ত্রীগৰাকীয়ে পূর্বে ৰাষ্ট্রীয় উদ্যানখনৰ গাফিলতিৰ ফলত কিদৰে গঁড় হত্যা কৰা হৈছিল, সেই দিশ উল্লেখ কৰি কয়– ২০১৩ চনত এবছৰতে ২৭টা গঁড় নিধন কৰা হৈছিল৷ বিজেপি চৰকাৰ অহাৰ পিছত গঁড়ক সুৰক্ষা দিয়াৰ বিশেষ পদক্ষেপ লোৱা হয়৷ যাৰ বাবে ২০২২ চনত এটাও গঁড় নিধন হোৱা নাছিল৷ প্রধানমন্ত্রীয়ে কাজিৰঙাৰ সোণালী জয়ন্তী বর্ষত অসমবাসীক শুভেচ্ছা জনায় আৰু দেশবাসীক ৰাষ্ট্রীয় উদ্যানখন পৰিভ্রমণ কৰাৰ বাবেও আহ্বান জনায়৷

You might also like