নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰী : এটি বাৰ বছৰীয়া বিস্ময় শিশু। পৃথিৱীৰ ভিতৰতে নিজৰ মেধাৰ বলত একক, অনন্য বংগমূলীয় আমেৰিকান তথা সাম্প্ৰতিক কালৰ আইনষ্টাইন খ্যাত অধ্যাপক সুৱৰ্ণ আইজাক বেৰী সম্প্ৰতি অসমত | আজি এক পৰিদৰ্শন কাৰ্যসূচী লৈ উপস্থিত হোৱা কনিষ্ঠ অধ্যাপকগৰাকীক বি প্ৰ চ মহাবিদ্যালয়ত শিক্ষানুষ্ঠানখন ফালৰ পৰা শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলোৱে উষ্ম অভিবাদন জনায় | মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্যামাচৰণ ঠাকুৰীয়া ,অধ্যক্ষ ড° কমল চন্দ্ৰ পাঠক, আইকিউএচিৰ সমন্বয়ক অৰুণ কুমাৰ সৰকাৰ আদিৰ উপৰি বাকী শিক্ষক-কৰ্মচাৰী আৰু শিক্ষাৰ্থীয়ে কনিষ্ঠ অধ্যাপকগৰাকীক আদৰ-সাদৰ কৰি প্ৰথমে অধ্যক্ষৰ কোঠালৈ আৰু পৰৱৰ্তী সময়ত মঞ্চলৈ আগুৱাই নিয়ে | আমেৰিকাত বাস কৰা অধ্যাপক বেৰীক জাপি, ফুলাম গামোচা, কাঠৰ গঁড় আদিৰে সম্বৰ্ধনা জনোৱাৰ অন্তত ভাষণ দিয়াৰ লগতে মঞ্চতেই ব’ৰ্ড লৈ গণিত আৰু পদাৰ্থ বিজ্ঞানৰ পাঠদান কৰে | বিশাল জ্ঞানৰ অধিকাৰী বিস্ময়, ব্যতিক্ৰমী প্ৰতিভা সুৱৰ্ণ আইজাক বেৰীয়ে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰো দিয়ে | পৰৱৰ্তী সময়ত সাংবাদিকৰ এক সাক্ষাৎকাৰত সকলোকে অধ্যয়নত ব্ৰতী হোৱা, সময়সূচী মিলাই অধ্যয়ন কৰা আৰু জ্ঞান তৃষ্ণা বৰ্তাই ৰখাৰ আহ্বান জনায়। একেদৰে ভৱিষ্যতে নিজকে এগৰাকী গণিতৰ অধ্যাপক হিচাপে প্ৰতিষ্ঠিত কৰাৰ সপোন পুহি ৰখা বুলিও তেওঁ উল্লেখ কৰে আৰু অনুৰোধ মৰ্মে এফাঁকি গীতৰ কলিও গুণগুণায় বিশ্বৰ কনিষ্ঠতম অধ্যাপক সুৱৰ্ণ আইজাক বেৰীয়ে। স্মৰ্তব্য যে তেওঁৰ এই পৰিদৰ্শন কালত পিতৃ অধ্যাপক ৰশ্চিদুল বেৰীও উপস্থিত থাকে |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস