নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বাদশৰ পাঠদান আৰম্ভৰ পাছতহে একাদশৰ পৰীক্ষা, ১৫ বিদ্যালয়ৰ এফিলিয়েচন বাতিল

📌 ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ ঘোষণা
📌 প্রশ্নকাকত ফাদিল কাণ্ডত জড়িত ১২ ব্যক্তিগত খণ্ডৰ ৩ প্রাদেশীকৃত স্কুলৰ স্বীকৃতি বাতিল
📌একাদশ শ্রেণীত কৰিব নোৱাৰিব নামভর্তিঃ শিক্ষামন্ত্রী ডাঃ পেগু

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ প্রশ্নকাকত ফাদিল হোৱাৰ বাবেই একাদশ শ্রেণীৰ পৰীক্ষা বাতিল কৰিবলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’র্ডে গ্রহণ কৰা সিদ্ধান্তৰ প্রতিক্রিয়া এতিয়াও অব্যাহত আছে৷ ইয়াৰ মাজতে বাতিল হোৱা পৰীক্ষাসমূহ পুনৰ অনুষ্ঠিত কৰাক লৈ গুৰুত্বপূর্ণ ঘোষণা কৰিছে ব’র্ডে৷ সেই অনুসৰি উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ পাঠদান আৰম্ভ হোৱাৰ পাছতহে বাতিল হোৱা একাদশ শ্রেণীৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ’ব৷ ব’ডৰ সচিবে জাৰি কৰা এখন জাননীত প্রকাশ কৰা অনুসৰি ২০২৫–২৬ শৈক্ষিক বর্ষৰ বাবে ব’হাগ বিহুৰ বন্ধৰ পাছতে দ্বাদশ শ্রেণীৰ পাঠদান আৰম্ভ কৰিবলৈ সিদ্ধান্ত কৰা হৈছে৷ কালি অনুষ্ঠিত হোৱা এখন বৈঠকৰ গুৰুত্বপূর্ণ সিদ্ধান্ত অনুসৰি একাদশ শ্রেণীৰ ৰৈ যোৱা পৰিক্ষাসমূহৰ সূচী এনেধৰণে প্রস্তুত কৰা হ’ব যাতে আগ্রহী শিক্ষার্থীসকলে অহা ১৫ জুনৰ পৰা ই–মার্কশ্বীটসমূহ ডাউনলোড কৰিব পাৰে৷ সেয়েহে বিদ্যালয়সমূহক পৰীক্ষার্থীসকলৰ উত্তৰবহীসমূহ মূল্যায়ন কৰি ১৫ জুনৰ পূর্বে সংশ্লিষ্ট প’র্টেলত আপলোড কৰিবলৈ ব’র্ডে নির্দেশ দিছে৷ জাননীত সচিবে প্রকাশ কৰা মতে, একাদশ শ্রেণীৰ ৰৈ যোৱা পৰীক্ষাসমূহৰ সূচী সঠিক সময়ত প্রকাশ কৰা হ’ব৷ উল্লেখ্য যে ১৫খন বিদ্যালয়ত আগতীয়াকৈ একাদশ শ্রেণীৰ প্রশ্ণকাকতৰ টোপোলা খুলি পেলোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছত ২৪ মার্চৰ পৰা ২৯ মার্চলৈ অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাসমূহ বাতিল কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ ইতিমধ্যে শিক্ষা বিভাগৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে পঞ্চায়ত নির্বাচনৰ সময়সূচীৰ ভিত্তিতহে বাতিল কৰা পৰীক্ষাসমূহৰ দিন নির্ধাৰণ কৰা হ’ব৷ অৱশ্যে সমগ্র বিষয়টো বিবেচনাৰ বাবে কালি ব’ডৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়, য’ত বিগত তিনিটা বছৰত একাদশ শ্রেণীৰ পৰীক্ষাসমূহৰ আৰম্ভণি আৰু ই–মার্কশ্বীট প্রদান কৰাৰ দিনসমূহৰ বিষয়ে বিশদভাৱে বিশ্লেষণ কৰা হয়৷ তদুপৰি এই বৈঠকখনতে দ্বাদশ শ্রেণীৰ পাঠদান আৰম্ভ কৰাৰ কথাও আলোচনা হয়৷ ইয়াৰ ভিত্তিতে ব’র্ডে ব’হাগ বিহুৰ বন্ধৰ পাছতে দ্বাদশ শ্রেণীৰ পাঠদান আৰম্ভ কৰিবলৈ প্রস্তাৱ দিয়ে৷

১২ ব্যক্তিগত খণ্ডৰ–৩ প্রাদেশীকৃত স্কুলৰ স্বীকৃতি বাতিল
পঞ্চায়ত নির্বাচনৰ দিন ঘোষণাৰ পাছতে ইতিমধ্যে প্রশ্ণকাকত ফাদিলৰ বাবে বাতিল হোৱা একাদশ শ্রেণীৰ পৰীক্ষাৰ সূচী প্রকাশ পাব৷ আজি সদনত এই কথা প্রকাশ কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ সদনত মন্ত্রী ডাঃ পেগুৱে কয় যে এইবাৰ একাদশ শ্রেণীৰ পৰীক্ষা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অনুষ্ঠিত কৰিছে৷ দশম আৰু দ্বাদশ শ্রেণীৰ চূড়ান্ত পৰীক্ষাও পৰিষদে অনুষ্ঠিত কৰিছে৷ দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষাৰ ক্ষেত্রত পৰিষদে বিশেষ সতর্কতা অৱলম্বন কৰি প্রশ্ণকাকতসমূহ স্থানীয় থানাত ৰখাৰ ব্যৱস্থা কৰা হয়৷ কিন্তু একাদশ শ্রেণীৰ পৰীক্ষাৰ প্রশ্ণকাকতসমূহ যিবোৰ বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত হ’ব অর্থাৎ পৰীক্ষা কেন্দ্রতে ৰখা হৈছিল৷ একাদশ শ্রেণীৰ প্রশ্ণকাকত ফাদিল পৰিষদৰ পৰা বা আৰক্ষী থানাৰ পৰা ফাদিল হোৱা নাই৷ বিদ্যালয়ৰ পৰাই প্রশ্ণকাকত ফাদিল হৈছে৷ তদন্তত ১৫খন বিদ্যালয় পোৱা গ’ল, যিয়ে আগদিনাই প্রশ্ণকাকতৰ টোপোলা খুলিছিল৷ ইয়াৰে ১২খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়৷ সেইদৰে তিনিখন প্রাদেশীকৃত বিদ্যালয়৷ শিক্ষা বিভাগে ইতিমধ্যে আটাইকেইখন বিদ্যালয়ৰ এফিলিয়েচন বাতিল কৰাৰ লগতে এইবছৰ তেওঁলোকে একাদশ শ্রেণীত কোনো নামভর্তি কৰিব নোৱাৰিব৷ তদুপৰি অনাগত দিনত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পৰীক্ষা কেন্দ্র দিবনে নাই, সেই সম্পর্কেও বিভাগে চিন্তা–চর্চা কৰি আছে৷ অন্যান্য প্রতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্রতো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কেন্দ্র স্থাপন নকৰা সম্পর্কতো চৰকাৰে অচিৰেই সিদ্ধান্ত ল’ব৷ উল্লেখ্য যে আজি সদনৰ শূন্যকালত কংগ্রেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে এইবাৰ একাদশ শ্রেণীৰ পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ বিষয়টো সদনৰ দৃষ্টিগোচৰ কৰে৷

You might also like