নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ ছান কুমাৰ কলিতালৈ যুৱ উদ্ভিদ বিজ্ঞানীৰ বঁটা

নিয়মীয়া বাৰ্তা, ২৪ জুলাই : কামৰূপ জিলাৰ নগৰবেৰা নিৱাসী ছান কুমাৰ কলিতালৈ আগবঢ়োৱা হৈছে মধ্যপ্ৰদেশস্থিত ’ছ’চাইটী অৱ এডভান্স ৰিছাৰ্চ ইন প্লেন্ট ছায়েন্স’ৰ বাৰ্ষিক যুৱ উদ্ভিদ বিজ্ঞানীৰ বঁটা । উত্তৰ-পূৰ্বাঞ্চলৰ স্থানীয় নেমু টেঙা সম্পৰ্কীয় অধ্যয়ন তথা উদ্ভিদ বিজ্ঞান বিষয়ত সামগ্ৰিক সম্ভাৱনাময় গৱেষণাৰ বাবে প্ৰদান কৰা হৈছে উক্ত বঁটাটি । উল্লেখ্য যে ছান কুমাৰ কলিতা বৰ্তমান আইজলস্থিত মিজোৰাম বিশ্ববিদ্যালয়ৰ (কেন্দ্ৰীয়) উদ্ভিদ বিজ্ঞান বিভাগত প্ৰকল্প সহযোগী হিচাপে কৰ্মৰত। কলিতা নগৰবেৰা পিজুপাৰা গাঁৱৰ শিক্ষক বলেন কলিতা-মাকনী কলিতাৰ বৰপুত্ৰ। খবৰটোৱে নগৰবেৰা অঞ্চলবাসীক সন্তোষ প্ৰদান কৰিছে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like