নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুচান চলচ্চিত্র মহোৎসৱলৈ আমন্ত্রিত ‘দ্য বয় উইথ এ গান’

নিয়মীয়া বার্তা, ২৬ এপ্রিলঃ বুচান আন্তঃৰাষ্ট্রীয় শিশু আৰু যুৱ চলচ্চিত্র মহোৎসৱত প্রদর্শনৰ বাবে নির্বাচিত হৈছে নগাঁৱৰ খঞ্জন কিশোৰ নাথৰ চুটি ছবি দ্য বয় উইথ এ গান ৷ কার্বি ভাষাৰ এই চলচ্চিত্রখনৰ কার্বি ভাষাত নাম হৈছে কাচ্চিচিনিথু৷ চিনেমালয় আৰু জবলেছ ষ্টুডিঅ’ৰ বেনাৰত ১৫ মিনিট দৈর্ঘ্যৰ কার্বি ভাষাৰ এই চিনেমাখন নির্মাণ হৈছে৷ জুলাই মাহত পঞ্চদশ বুচান আন্তঃৰাষ্ট্রীয় শিশু আৰু যুৱ চলচ্চিত্র মহোৎসৱত প্রদর্শিত হ’ব৷ চলচ্চিত্রখনৰ চিত্রনাট্য আৰু পৰিচালনা খঞ্জন কিশোৰ নাথৰ৷ প্রযোজনা খঞ্জন কিশোৰ নাথ আৰু চামানলা দর্জে নুর্বোৰ ৷ তেওঁৰ দ্বাৰা নির্মিত উল্লেখযোগ্য চুটি ছবিসমূহ হ’ল সূর্যসন্ধান, অপৰাহ্ণ, ইফ, চাকনৈয়া আৰু শেহতীয়াকৈ কাঁচিচিনিঠু ৷

You might also like