নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটাছাৰকুছিত লক্ষ্মী পূজা উপলক্ষে হেঙুল থিয়েটাৰৰ টিকট মুকলি

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ বিগত বৰ্ষসমূহৰ দৰে এইবেলিও ১৬ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ ছয়দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৮৯সংখ্যক পাটাছাৰকুছিৰ বামুণপাৰা মাজৰখাট পুখুৰীপাৰা শ্ৰীশ্ৰীলক্ষ্মী পূজা মহোৎসৱৰ আয়োজন কৰা হৈছে৷ পূজা মহোৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰাৰ লগতে ১৮ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ তিনিদিনীয়াকৈ হেঙুল থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব৷ পূজা মহোৎসৱ উপলক্ষে আমন্ত্ৰণ কৰা হেঙুল থিয়েটাৰৰ টিকট আজি মুকলি কৰা হয়৷ আজি পুৱাৰ ভাগত অনুষ্ঠিত এক অনুষ্ঠানত টিকট মুকলি কৰে বামুণপাৰা মাজৰখাট পুখুৰীপাৰা শ্ৰীশ্ৰীলক্ষ্মী পূজা কমিটিৰ সভাপতি শুক্ৰ কলিতাই৷ থিয়েটাৰ পৰিচালনা সমিতিৰ সভাপতি উৎপল মেধিয়ে আঁত ধৰা অনুষ্ঠানটোত পূজা কমিটিৰ প্ৰাক্তন সভাপতি অক্ষয় শইকীয়া, উপ-সভাপতি প্ৰদীপ নাথ, সম্পাদক নাৰায়ণ নাথ, সহকাৰী সম্পাদক কিশোৰ কুমাৰ দাস, দিবাকৰ শইকীয়া, থিয়েটাৰ পৰিচালনা সমিতিৰ উপ-সভাপতি ৰতীন্দ্ৰ ৰামছিয়াৰী, সম্পাদক বিচিত্ৰ নাথ, সহকাৰী সম্পাদক চন্দন দাসকে ধৰি পূজা কমিটিৰ কেইবাগৰাকীও বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে৷ টিকট উন্মোচন কৰি সভাপতি শুক্ৰ কলিতাই প্ৰতিবছৰে দৰ্শক ৰাইজক সুৰুচি সম্পন্ন নাটক উপহাৰ দি অহা হেঙুল থিয়েটাৰে চলিত বৰ্ষতো মঞ্চস্থ কৰা তিনিওখন নাটকে দৰ্শকক সুস্থ মনোৰঞ্জন দিয়াৰ লগতে সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব বুলি আশা প্ৰকাশ কৰে৷

প্ৰেৰক উৎপল মেধি

You might also like