নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰ বাণ থিয়েটাৰত ৰংগমঞ্চ নাট্য উৎসৱ আৰম্ভ; ৪১টা নাট্যদলৰ অংশগ্রহণ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ : প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাঃ লিঃৰ সৌজন্যত ‘আইনা জীৱনৰ’ মাহেকীয়া আলোচনীৰ উদ্যোগত আয়োজন কৰা ৰংগমঞ্চ নাট্য উৎসৱ তিনিদিনীয়াবর্ণাঢ্য কার্যসূচীৰে সোমবাৰৰ পৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত আৰম্ভ হৈছে৷ ৰাজ্যখনৰ ৪১টা নাট্যদলে অংশগ্রহণ কৰা সদৌ অসম ভিত্তিত আয়োজিত এই একাংক নাট প্রতিযোগিতাৰ কালি আনুষ্ঠানিকভাৱে বন্তি প্রজ্বলন কৰি শুভাৰম্ভ কৰে বিশিষ্ট গীতিকাৰ–সুৰকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শর্মাই৷

নাট প্রতিযোগিতাখন শুভাৰম্ভ কৰি উদ্বোধক শর্মাই কয় যে অপেছাদাৰী নাট্যগোষ্ঠী আৰু ডঠি অহা প্রজন্মৰ শিল্পীসকলৰবাবে এই প্রতিযোগিতা প্রেৰণাৰ উৎস৷ ইয়াৰ পৰাইবহু শিল্পীয়ে আত্মপ্রকাশৰ সুযোগ লাভ কৰিব৷ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাঃ লিঃ তথা ‘আইনা জীৱনৰ’ এই ৰংগমঞ্চ নাট্য উৎসৱ তেজপুৰত আয়োজন কৰাৰ বাবেবাণ থিয়েটাৰ আৰু তেজপুৰবাসীৰ হৈ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰি শর্মাই ৰাজ্যখনৰ ৪১টাকৈ নাট্যদলে অংশগ্রহণ কৰাটো অসমৰ অপেছাদাৰী নাট্য জগতৰ বাবে শুভ ইংগিত বুলি মন্তব্য প্রদান কৰে৷

উল্লেখ্য যে বাণ থিয়েটাৰত কালিৰে পৰা আৰম্ভ হোৱা এই প্রতিযোগিতাখনত কালি ১২টা নাট্যদলে অংশগ্রহণ কৰিছে৷ প্রথম দিনাৰ প্রতিযোগিতাত অংশগ্রহণ কৰে কার্বি আংলঙৰ নক্ষত্র সাংসৃকতিক গোষ্ঠীৰ ‘নাৰদৰ বিয়া’, বোকাখাতৰ ক্রমে প্রয়াস নাট্য বিদ্যালয়ৰ ‘জীয়া শিলে কথা ক’ব’, ফেটেংবৰ নাট্যগোষ্ঠীৰ ‘বনচাই’, নব্য নাট্যকম্ দলৰ ‘জীৱনমুখী বাট’, ৰিহাবাৰীৰ সন্ধানী নাট্যদলৰ ‘প্রতিবিম্ব’, গুৱাহাটী মিলিজুলি নাট্যদলৰ ‘ক্ষমা’, তেজপুৰৰ কল্যাণী নাট্যদলৰ ‘সংকল্প লওঁ আহক’, নগাঁৱৰ নৱপ্রভাত নাট্যগোষ্ঠীৰ ‘লাকি মোৰ লাকি’, উত্তৰ লখিমপুৰৰ কুশীলৱ গোষ্ঠীৰ ‘চকোৱা’, যোৰহাটৰ সপ্তাংশু নাট্যগোষ্ঠীৰ ‘বেৰ’, কলিয়াবৰৰ ফেণ্ডশ্বিপ ক্লাবৰ ‘সংকল্প’, চতিয়াৰ মঞ্চতীর্থৰ ‘কৰিশ্মাই সুকটী চলাবলৈ শিকিলে’৷ এই প্রতিযোগিতাৰ বিচাৰকৰ আসন অলংকৃত কৰিছে বিশিষ্ট নাট পৰিচালক–অভিনেতা তথা সত্রীয়া সংস্কৃতিৰ সাধক গুণাকৰ দেৱগোস্বামী, ৰাষ্ট্রীয় নাট্য বিদ্যালয়ৰ স্নাতক অভিনেত্রী তথা পৰিচালক ৰবিজিতা গগৈ আৰু নাট পৰিচালক–অভিনেতা অলক নাথে৷ ১৩ ডিচেম্বৰলৈ প্রতিদিনে বিয়লি তিনি বজাৰ পৰা এই প্রতিযোগিতা অনুষ্ঠিত হ’ব৷

You might also like