নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট : ঈশ্বৰ এতিয়া মন্দিৰ বা নামঘৰত নাই। ঈশ্বৰৰ মৃত্যু হৈছে।আধ্যাত্মিক ঈশ্বৰৰ মৃত্যু হৈছে। সৰ্থেবাৰীৰ ৰাউলীত থিয়েটাৰ সূৰ্যৰ নবম বৰ্ষৰ শুভ নাট্যাৰাম্ভৰ মঞ্চ মুকলি অনুষ্ঠানত উপস্থিত থাকি থিয়েটাৰ সূৰ্যৰ মুখপত্ৰ কিৰণ উন্মোচন কৰি দিয়া ভাষণত এইদৰে মন্তব্য কৰে বিশিষ্ট কবি নীলিম কুমাৰে। তেওঁ পুনৰ কয় যে মানুহে ঈশ্বৰক ভোগবাদী কৰি লৈছে।ধৰ্ষণকাৰী হত্যাকাৰীয়ে ঈশ্বৰক প্ৰাৰ্থনা কৰি কুকাণ্ড সংঘটিত কৰে বুলি মন্তব্য কৰি নিলীম কুমাৰে কয় ৰাজনীতিকে ঈশ্বৰ অপব্যৱহাৰ কৰিছে। ফলত এতিয়া সাম্প্ৰদায়িকতা বাঢ়িছে।ধৰ্মৰো খুটি লৰিছে বুলি মন্তব্য কৰি ঈশ্বৰে এতিয়া মন্দিৰ নামঘৰৰ পৰা ওলাই আহিছে বুলিও মন্তব্য কৰে নীলিম কুমাৰে ঈশ্বৰে মন্দিৰ নামঘৰৰ পৰা ওলাই আহি এতিয়া কিতাপত থিতাপি লৈছে বুলিও মন্তব্য কৰে জনপ্ৰিয় কবি নীলিমম কুমাৰে। একেদৰে কিৰণ উন্মোচন কৰি নীলিম কুমাৰে কয় প্ৰতিগৰাকী পাঠকে কিতাপৰ প্ৰতিটো পৃষ্ঠা লুটিয়াই অধ্যয়ন কৰিলেহে প্ৰকৃততে এখন কিতাপৰ উন্মোচন হয়।উল্লেখ্য যে যশস্বী মঞ্চাভিনেতা পৰিচালক তৌফিক ৰহমানে ফিটা কাটি থিয়েটাৰ সূৰ্যৰ নবম বৰ্ষৰ শুভ উদ্বোধন কৰে। ভাষণ প্ৰসঙ্গত ভ্ৰাম্যমাণ থিয়েটাৰ সম্পৰ্কত মন্তব্য কৰাৰ লগতে মহাভাৰতৰ সংলাপ আওৰাই সকলোকে মোহিত কৰে।সাংস্কৃতিক কৰ্মী ভূপেশ খাটনিয়াৰে আঁত ধৰা অনুষ্ঠানত প্ৰাৰম্ভণিতে পুৰোহিত অকন শৰ্মাই মঙ্গল ধ্বনি আৰু বৈদিক মন্ত্ৰোচ্চাৰণ কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। থিয়েটাৰ সূৰ্যৰ প্ৰযোজক মুনীন্দ্ৰ বৰ্মনে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে থিয়েটাৰ সূৰ্যৰ এইবাৰৰ নাট সম্পৰ্কত বিতং তথ্য ডাঙি ধৰে। ৰাউলী হাটখোলাত কালি শুভমুক্তি হোৱা থিয়েটাৰ সূৰ্যৰ মঞ্চ কঁপাবলৈ সাজু হৈছে ট্ৰেজেডি কিং মৃদুল ভূঞা আৰু প্ৰেমলতা খ্যাত পল্লবী ফুকনৰ লগতে নবজোতি কাশ্যপ, মৌচুমী লস্কৰ, জয়ন্ত শৰ্মা,গৌৰাঙ্গ শৰ্মা আদিয়ে।থিয়েটাৰ সূৰ্যৰ এইবাৰৰ তিনিখন নাটক হৈছে নবীন নাট্যকাৰ প্ৰশান্ত মেনাৰ কাৰাগাৰত কলিজা,অভিজিত ভট্টাচাৰ্য্যৰ মোৰ কেঁচুৱাই কান্দিছে আৰু ফুলশয্যাত জুই। কালি প্ৰদৰ্শন কৰা প্ৰশান্ত মেনাৰ কাৰাগাৰত কলিজা নাটখনে ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। কাৰাগাৰত কলিজা নাটখন দৰ্শকে আদৰি লব বুলি মন্তব্য কৰে প্ৰযোজক মুনীন্দ্ৰ বৰ্মনে।একেদৰে ফুলশয্যাত জুই নাটখনো এইবাৰ বিশেষ চৰ্চাত আছে। হৃদয়স্পৰ্শী সংলাপ আৰু কাৰুণ্য ৰসে দৰ্শকৰ মগজুত টোকৰ দিব ফুলশয্যাত জুই নাটখনে।
প্ৰেৰক নকুল তালুকদাৰ