নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোহাৰঘাটত মুক্তি যুঁজাৰুসকলক সুঁৱৰি “বাহু কৈৱৰ্ত্ত“ শীৰ্ষক নাট প্ৰদৰ্শন

নিয়মীয়া বাৰ্তা,বৰদুৱাৰ বাগান, ৫ মাৰ্চঃ ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ স’তে সংগতি ৰাখি লোহাৰঘাটত এটি এমহীয়া বিশেষ নাট্য কৰ্মশালা সম্পন্ন হৈ যায় ৷ National school of Drama আৰু orchid theatre ৰ সহযোগত বিশিষ্ট নাট্যকৰ্মী বৰ্ণালী মেধি, চাহিদুল হক, হিমাংশু দেউৰী আৰু তপন বৰুৱাৰ তত্ত্বাৱধানত উক্ত কৰ্মশালাখনি সমাপ্তিৰ অন্তত দেশৰ অজ্ঞাত মুক্তি যুঁজাৰু সকলোৰ পবিত্ৰ স্মৃতিত লোহাৰঘাটত “বাহু কৈৱৰ্ত্ত“ নামৰ নাট এখনো প্ৰদৰ্শন কৰা হয় ৷ কৰ্মশালা খনিত অংশগ্ৰহণ কৰা টিংকু বড়ো, ৰাজীৱ বড়ো,দীপাংকৰ দাস,উপাসনা প্ৰিয়া দাস,বিৰিণা পাঠক,শ্ৰুতি পাঠককে ধৰি ২৫ গৰাকীৰ কণ কণ শিশু কিশোৰ কিশোৰীয়ে শব্দ ছন্দ আৰু ছাঁ পোহৰৰ মাজত অভিনয় কৰি প্ৰতিভা প্ৰদৰ্শন কৰে৷ বিশেষকৈ ইংৰাজ সকলে ভাৰতবাসীৰ ওপৰত চলাই যোৱা কৰ কাটলকে ধৰি শোষণ বঞ্চনাৰ ছবিখন দাঙি ধৰি একোটা দৃষ্টিনন্দন দৃশ্যপটৰ জৰিয়তে দৰ্শকৰ মাজত দেশপ্ৰেমৰ ভাৱ জাগৃত কৰিবলৈ সক্ষম হোৱাৰ উপৰি সকলোকে মোহাচ্ছন্ন কৰি তোলে ৷

You might also like