নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰী : ধুবুৰীত পুনৰ মন্দিৰত চুৰি কাণ্ড। এইবাৰ চহৰখনৰ ১২নং ৱাৰ্ডৰ ৰবীন্দ্ৰ পল্লীৰ লোকনাথ বাবা মন্দিৰত চোৰে চলালে চাফাই অভিযান। মন্দিৰ কৰ্তৃপক্ষৰ ভাষ্য অনুসৰি, যোৱানিশা মন্দিৰৰ দুৱাৰৰ তলা ভাঙি চোৰে প্ৰতিমাৰ সোণ-ৰূপৰ অলংকাৰকে ধৰি অন্যান্য সামগ্ৰী চুৰি কৰে। ইপিনে, যোৱানিশা চহৰখনৰ মূল বজাৰৰ ঢাকাই মছজিদতো চোৰে চুৰি কৰাৰ প্ৰয়াস চলোৱাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে বিগত কেইমাহৰ পৰা ধাৰাবাহিকভাৱে চহৰখনৰ সৰু-বৰ কেইবাটাও মন্দিৰত চুৰি কাণ্ড সংঘটিত হৈ আহিছে যদিও অধিকাংশ ক্ষেত্ৰতেই চুৰি কাণ্ডৰ সৈতে জড়িত এজনকো কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী আৰু এয়া ধুবুৰী আৰক্ষীৰ ব্যৰ্থতা বুলিয়েই কিন্তু ৰাইজৰ মাজত প্ৰতীয়মান হৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী