নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত এহেজাৰ মাটিৰ চাকিৰ পোহৰত ব্যতিক্ৰমী অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰী : শীতৰএটি সন্ধিয়া। হিমসনা শীতৰ মাজতো এহেজাৰ মাটিৰ চাকিৰ পোহৰত কবিতা -নৃত্য সংস্কৃতিৰ অপূৰ্ব সংমিশ্ৰণত প্ৰাণ পাই উঠিল শীতৰ সন্ধিয়া। ঢকুৱাখনাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান কাইজেন একাডেমীৰ উদ্যোগত আৰু শিক্ষানুষ্ঠানখনৰ প্ৰাংগণত মঙ্গলবাৰে ‘কাইজেনৰ বাকৰিত শব্দ- বৰ্ণৰ ঠুনুক ঠানাক ধ্বনি’ শীৰ্ষক এক আকৰ্ষণীয় অনুষ্ঠান অনুষ্ঠিত হৈ যায়।নৱপ্ৰজন্মৰ মাজত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতি আকৃষ্ট তথা সাহিত্যমুখী চিন্তাৰ কচৰত কৰাৰ লক্ষ্যৰে আয়োজন কৰা অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে কাইজেন একাডেমীৰ সঞ্চালক ৰাজ কুমাৰ শৰ্মাই।ইয়াৰ পিছতে এহেজাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীত মুখ্য প্ৰজ্বলক হিচাপে অংশগ্ৰহণ কৰে কবি চবিন চন্দ্ৰ নাথে।কাইজেন একাডেমীৰ উপ-সঞ্চালক ধৰ্মেন্দ বৰাই আদৰণি ভাষণ প্রদান কৰা অনুষ্ঠানটি মহাপুৰুজনাৰ এটি বৰগীত পৰিৱেশেনেৰে শুভাৰম্ভ কৰে ছাত্ৰী পাহি সন্দিকৈয়ে।শিক্ষক প্ৰাঞ্জল গোহাঁই আৰু ছাত্ৰী অনিন্দিতা বুঢ়াগোহাঞিয়ে আঁত ধৰা এই অনুষ্ঠানত মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিশিষ্ট কবি,সমালোচক বিপুল শৰ্মাই ৰামধেনু যুগৰ পৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া কাব্য সাহিত্য আৰু কবিসকলৰ ওপৰত সাৱলীল বক্তব্য প্ৰদান কৰাৰ লগতে অসমীয়া কাব্য সাহিত্যক অনন্য মাত্ৰা প্রদান কৰা কেইবাটাও কবিতা পাঠ কৰি অনুষ্ঠানটোক বিশেষ মাত্ৰা প্রদান কৰে।এহেজাৰ মাটিৰ চাকিৰ পোহৰত মুকলি আকাশৰ তলত প্ৰাকৃতিক পৰিৱেশত আয়োজন কৰা অনুষ্ঠানত কাইজেন একাডেমীৰ শিক্ষাৰ্থী গৌৰৱ সুত, দীপশিখা গোহাঁই, নীহা সন্দিকৈ, দেৱাংগন ভূঞা, গুণগুণ গগৈ, ৰাজা হাতীবৰুৱা, দীপশিখা শইকীয়া,দায়নন্দ দাস,খেলকাব্য বৰুৱা,অনিন্দিতা বুঢ়াগোহাঞি,অভ্ৰ নিৰাজ কোঁৱৰ, চুহানা পাতিৰ,অৰ্পি ভৰালী,আলিকান্ত দলে, কংক্ৰিতা গগৈ, ৰেজিনা দলে, ৰিংকুমণি পেগু আদিয়ে কবিতা পাঠ কৰে। এই কাৰ্যসূচীৰ সমান্তৰালকৈ ছাত্ৰী ৰ’জলী চুতীয়া, বিপাশা গগৈ, দৃষ্টিপ্ৰিয়া গোহাঁয়ে নৃত্য আৰু গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।কাইজেন একাডেমীৰ সকলো শিক্ষক-কৰ্মচাৰী,অভিভাৱক উপস্থিত থকা অনুষ্ঠানটিত কবি চেনীৰাম গগৈ, প্ৰাঞ্জল গোহাঁইৰ লগতে কমল দাস, ময়ূৰকৃষ্ণা বৰা, অমৰজ্যোতি ঘোষ আদিয়ে স্ব-ৰচিত কবিতা পাঠ কৰে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like