নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত সহস্ৰাধিক শিক্ষাৰ্থীৰ বিপৰীতে বাৰগৰাকী শিক্ষক

🔹 পৰ্যাপ্ত শিক্ষক বিচাৰি শিক্ষামন্ত্ৰীলৈ কৰযোৰে আবেদন

নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট : ছাত্ৰ-ছাত্ৰী অনুপাতে বিদ্যালয়ত শিক্ষকৰ অভাৱ। শিক্ষণৰ জটিলতা দেখি অধিক শিক্ষক নিযুক্তিৰ দাবীত শিক্ষামন্ত্ৰীলৈ কৰযোৰে আবেদন কেইবাশ শিক্ষাৰ্থীৰ | বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে শীঘ্ৰে ন্যূনতম বিশজন শিক্ষকক নিয়োগ কৰি শিক্ষণ ফলপ্ৰসূ আৰু নিয়মীয়া কৰাৰ দাবী জনাইছে শিক্ষামন্ত্ৰীগৰাকীক | বৰপেটা জিলাৰ মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত বি এছ কদমতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে এই দাবী জনায় শিক্ষামন্ত্ৰীগৰাকীক |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like