নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ডিচেম্বৰঃ সাংসদ–বিধায়কৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰসমূহৰ বিচাৰ প্রক্রিয়া ক্ষিপ্রতৰ কৰিবলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ অসমৰ উপৰি অৰুণাচল প্রদেশ, নাগালেণ্ড, মিজোৰামৰ জনপ্রতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰসমূহৰ দ্রুত নিষ্পত্তিৰ বাবে ১০ দিনৰ ভিতৰতে এখন বিশেষ বিচাৰপীঠ গঠন কৰিবলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰেই এখন খণ্ড বিচাৰপীঠে৷ এই সন্দর্ভত ৰুজু হোৱা ৩/২০২০ নম্বৰৰ এটা নিজাববীয়া গোচৰৰ শুনানি গ্রহণ কৰি আজি খণ্ড বিচাৰপীঠখনে উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কক মুখ্য ন্যায়াধীশৰ পৰা প্রশাসনিক অনুমতিসাপেক্ষে ১০ দিনৰ ভিতৰত বিশেষ বিচাৰপীঠখন গঠন কৰাৰ নির্দেশ দিয়ে৷ বিচাৰপীঠখন গঠনৰ পাছতে গোচৰসমূহৰ দ্রুত নিষ্পত্তিৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্রহণ কৰিবলৈও খণ্ড বিচাৰপীঠখনে নির্দেশ দিয়ে৷ ইপিনে, শুনানিৰ সময়ত আদালতৰ মজিয়াত প্রকাশ কৰা তথ্য অনুসৰি চাৰিওখন ৰাজ্যৰ সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ মূল বিচাৰপীঠত ২০টা গোচৰ ৰুজু হৈ আছে৷ এই গোচৰসমূহ সময়ে সময়ে তালিকাভুক্ত হৈছে যদিও বিচাৰ প্রক্রিয়া বিশেষ আগবঢ়া নাই৷ যাৰ পৰিপ্রেক্ষিততে শুনানিৰ অন্তত বিশেষ বিচাৰপীঠখন গঠনৰ নির্দেশ দিয়া হৈছে৷ ৰাজ্যকেইখনৰ নিম্ন আদালতসমূহতো ৭৪টা গোচৰ জনপ্রতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ থকা বুলি সদৰী কৰা হৈছে৷ অৱশ্যে এই গোচৰসমূহৰ বিচাৰ প্রক্রিয়াৰ স্থিতি আদালতৰ মজিয়াত প্রকাশ কৰা হোৱা নাই৷ সেয়েহে এই গোচৰসমূহৰো বর্তমানৰ স্থিতি সদৰী কৰিবলৈ নির্দেশ দিয়া হৈছে৷ অহা ২৮ জানুৱাৰীত গোচৰটোৰ পৰৱর্তী শুনানি গ্রহণ কৰা হ’ব৷ উল্লেখ্য যে সাংসদ–বিধায়কসক বিৰুদ্ধে ৰুজু হৈ থকা গোচৰসমূহ দ্রুত নিষ্পত্তিৰ বাবে উচ্চতম ন্যায়ালয়ত এটা গোচৰ পঞ্জীয়ন হৈছিল৷ এই গোচৰৰ নিষ্পত্তি কৰি উচ্চতম ন্যায়ালয়ে সংশ্লিষ্ট উচ্চ ন্যায়ালয়সমূহক জনপ্রতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰসমূহৰ বিচাৰ প্রক্রিয়া ক্ষিপ্রতাৰে সম্পন্ন কৰিবলৈ নির্দেশ দিয়ে৷ ইয়াৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়েও এই নিজাববীয়া গোচৰটো ৰুজু কৰিছিল৷