নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰ জলসম্পদ বিভাগত ২০ বিষয়া-কৰ্মচাৰীৰ দশকজোৰা ৰাজত্ব

🔹 এবাৰো বদলি নোহোৱাকৈয়ে লাভ কৰিছে পদোন্নতি

🔹 চৰকাৰী আৱাস দখলৰ পিছতেই পোহৰলৈ আহিছে একে স্থানত চাকৰি কৰি থকাৰ বিস্ফোৰক অভিযোগ

নিয়মীয়া বাৰ্তা, ১৫ জুলাই : শিৱসাগৰ জলসম্পদ বিভাগৰ চৰকাৰী আৱাস বিভাগটোৰেই একাংশ বিষয়া-কৰ্মচাৰীয়ে বছৰ বছৰ ধৰি দখল কৰি থকা ঘটনাই সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তেই এইবাৰ পোহৰলৈ আহিছে শিৱসাগৰ জলসম্পদ বিভাগত এবাৰো বদলি নোহোৱাকৈ একাংশ বিষয়া-কৰ্মচাৰীয়ে দশক ধৰি একে স্থানত চাকৰি কৰি থকাৰ বিস্ফোৰক তথ্য ৷ বছৰ বছৰ ধৰি একাংশই ক্ষমতাৰ জোৰেৰে চৰকাৰী আৱাস দখল কৰি থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে পোহৰলৈ আহিছে শিৱসাগৰ জলসম্পদ বিভাগত চকী ৰদ-বদল নোহোৱাকৈ দীৰ্ঘ সময় ধৰি একেস্থানত চাকৰি কৰি থকাৰ তথ্য ৷ নতুন নিযুক্তিপ্ৰাপ্তই চৰকাৰী আৱাস গৃহ বিচাৰি বিমুখ হোৱাৰ পিছতেই ভাৰাঘৰ বিচাৰি হায়ৰাণ হোৱাৰ সময়তে বিভাগটোক পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰা কেইগৰাকীমান বিষয়াই সুদীৰ্ঘ এটা দশক ধৰি বিভাগটোৰ পৰা বদলি নোহোৱাৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে এই চাঞ্চল্যৰ ৷ যি সময়ত শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱে বে-আইনীভাৱে আৱাস গৃহ দখল কৰি থকা কৰ্মচাৰীক চিনাক্ত কৰি কোৱাৰ্টাৰসমূহ এৰি দিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে, সেই সময়তেই পোহৰলৈ আহিছে বিভাগটোৰ চকী নলৰা কুৰিগৰাকী বিষয়া-কৰ্মচাৰীৰ সন্দৰ্ভত বিস্ফোৰক তথ্য ৷ বিভাগীয় এক সূত্ৰই জানিবলৈ দিয়া মতে, ৰহস্যজনক এক বুজাবুজিৰ ভিত্তিতেই এইসকল কৰ্মচাৰীয়ে এটা দশক ধৰি শিৱসাগৰ জলসম্পদ বিভাগত এনেদৰে নিজৰ পদবী খামুচি ধৰি ৰাখিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে শিৱসাগৰ জিলাখনৰ মাজেদি পাৰ হৈ যোৱা আটাইকেইখন সৰু-বৰ নদীৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত এইসকল কৰ্মচাৰী-বিষয়া ৷ এটা বৃহত অঞ্চলৰ নদীৰ মথাউৰিৰ সুৰক্ষাত নিয়োজিত এই বিষয়াসকলৰ অধিকাংশই শিৱসাগৰতেই প্ৰথম নিযুক্তি লাভ কৰিছিল ৷ ইয়াৰ বিপৰীতে আন একাংশই আকৌ দুই-এবছৰ আন জিলাত চাকৰি কৰি শিৱসাগৰত যোগদান কৰিছিল ৷ আমাৰ হাতত পৰা অভিযোগ অনুসৰি, কনিষ্ঠ অভিযন্তা, ভঁৰালৰখীয়া আদিকে ধৰি কুৰিগৰাকী বিষয়া-কৰ্মচাৰীয়ে বিগত ২০১০ চনৰ পিছৰ পৰা বৰ্তমানলৈকে শিৱসাগৰ জলসম্পদ বিভাগতেই বাহাল তবিয়তে চাকৰি কৰি আছে ৷ যি সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰ্মচাৰীৰ ৰদ-বদলৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে চৰকাৰী বিধি অনুসৰি নিৰ্দিষ্ট সময়ৰ ব্যৱধানত বিষয়া- কৰ্মচাৰীসকল বদলি হোৱাটো বাধ্যতামূলক কৰিছে, সেই সময়ত কিন্তু শিৱসাগৰ জলসম্পদ বিভাগত পৰিলক্ষিত হৈছে ইয়াৰ এখন সম্পুৰ্ণ বিপৰীত ছবি ৷ নিজা সৃষ্টি ঠিকাদাৰ গোষ্ঠীৰ সৈতে দহৰম-মহৰমেৰে এই বদলি নোহোৱা চক্ৰটোৱে শীৰ্ষ মহলক মেনেজেৰে এনেদৰে শিৱসাগৰত খোপনি পোতাৰ অভিযোগ উঠিছে ৷ আন এক অভিযোগ অনুসৰি নিৰ্বাচনী বিধি অনুসৰি বদলিৰ পিছত পুনৰ নিৰ্বাচন অন্ত পৰাৰ পিছতেই এইসকল বিষয়াই আকৌ দুটা মাহৰ ব্যৱধানত পুৰ্বৰ ঠাইত যোগদান কৰাৰ ঘটনায়ো ৰাইজৰ চকু কপালত তুলিছে ৷ ইফালে, শিৱসাগৰ চহৰৰ সমীপতেই বাসগৃহ থকাৰ পিছতো বছৰ বছৰ ধৰি চৰকাৰী আৱাস গৃহ দখল কৰি থকা জলসম্পদৰ বিষয়া-কৰ্মচাৰীকেইগৰাকীয়ে আজি পৰ্য্যন্ত আৱাস গৃহ এৰি নিদিয়াৰ ঘটনাই ৰাইজক আচৰিত কৰি তুলিছে ৷ শেহতীয়াকৈ সংবাদ মাধ্যমত জলসম্পদত আৱাসগৃহ বছৰ বছৰ ধৰি দখল কৰি থকাৰ সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱাৰ পিছতেই জিলা উপায়ুক্তগৰাকীয়ে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ আন নালাগে, এগৰাকী দণ্ডাধীশৰ হতুৱাই চৰজমিন অনুসন্ধান চলাই বে-আইনীভাৱে আৱাসগৃহ দখল কৰি থকা কৰ্মচাৰী-বিষয়াসকলক চিনাক্ত কৰি শীঘ্ৰে কোৱাৰ্টাৰসমুহ খালী কৰি দিবলৈ লিখিত নিৰ্দেশনা জাৰি কৰিছিল ৷ কিন্তু আচৰিত যেন লাগিলেও সত্য যে এইসকল চৰকাৰী আৱাসগৃহ দখলকাৰী কৰ্মচাৰীয়ে জিলা উপায়ুক্তই প্ৰেৰণ কৰা লিখিত ঘৰ খালী কৰা নিৰ্দেশনাকো ভৰিৰে মোহাৰি অদ্যপৰিমিত আৱাস গৃহসমূহ খালী কৰাৰ পৰা বিৰত আছে ৷ আন নালাগে, আৱাসগৃহ এৰিবলৈ নাছোৰবান্দা একাংশ বিষয়া-কৰ্মচাৰীয়ে এই বিষয়টো তল পেলাবলৈ নিত্যু নতুন নাটকৰ অৱতাৰণা কৰিছে ৷ আনহাতে, নগৰৰ একেবাৰে গাতে লাগি থকা কাঠপৰা অঞ্চলৰ নিবাসী ৰাজখোৱা উপাধিৰ শাখা সহায়কে চৰকাৰী আৱাস গৃহ দখল কৰি থকাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ তদুপৰি দেউৰী উপাধিৰ আন এগৰাকী শাখা সহায়কক বিগত বৰ্ষত ডিব্ৰুগড় সংমণ্ডল কাৰ্য্যালয়লৈ বদলি কৰা হৈছিল যদিও ৰহস্যজনকভাৱে কৰ্মচাৰীগৰাকীয়ে একে নিশাৰ ভিতৰত বদলি স্থগিত কৰি শিৱসাগৰতে খুঁতি পুতিবলৈ সক্ষম হোৱা ঘটনায়ো সকলোকে আচৰিত কৰিছে ৷ তেনেস্থলত বছৰ বছৰ ধৰি একেস্থানত চাকৰি কৰি থকাৰ লগতে বছৰ বছৰ ধৰি চৰকাৰী আৱাস গৃহ খালী নকৰা শিৱসাগৰ জলসম্পদ বিভাগৰ এইসকল বিষয়া-কৰ্মচাৰীক কিদৰে চৰকাৰ-প্ৰশাসনে নাকী লগায়, সেয়া হব লক্ষণীয় ৷

You might also like