🔹 ৬নং দফা ৰূপায়ণক লৈ দিছপুৰত মুখ্যমন্ত্রীৰে বৈঠক
ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ ফেব্রুৱাৰী : অসম চুক্তিৰ ৬নং দফা অনুসৰি কেন্দ্রীয় চৰকাৰে গঠন কৰা অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা সমিতিৰ প্রতিবেদন কার্যকৰীকৰণ সন্দর্ভত কালি দিছপুৰ লোকসেৱা ভৱনৰ সভাকক্ষত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত আছু আৰু অসম চৰকাৰৰ মাজত আলোচনা অনুষ্ঠিত হয়৷ এই আলোচনাত অসম চৰকাৰৰ অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰা, মন্ত্রী পীয়ূষ হাজৰিকা, অজন্তা নেওগ, মুখ্য সচিব ড০ ৰবি কোটা, অসম চুক্তি ৰূপায়ণ বিভাগৰ আয়ুক্ত জ্ঞানেন্দ্র ত্রিপাঠী উপস্থিত থকাৰ বিপৰীতে আছুৰ সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন, মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই অংশগ্রহণ কৰে৷ এই বৈঠকৰ অন্তত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিপ্লৱ শর্মা আয়োগে আগবঢ়োৱা পৰামর্শাৱলীসমূহৰ ভিতৰত ৫২টা বিষয়ৰ সৈতে ৰাজ্য চৰকাৰ জড়িত৷ কালি ৩৮টা পৰামর্শাৱলীক লৈ আছু আৰু চৰকাৰ ঐকমত্যত উপনীত হ’ব পাৰিছে আৰু নির্দিষ্ট সময়ৰ ভিতৰত সেই সিদ্ধান্তসমূহ ৰূপায়ণৰ বাবে আলোচনা কৰে৷ বাকী ১৪টা পৰামর্শাৱলী ৰূপায়ণৰ ক্ষেত্রত অহা ১০ মার্চৰ বাজেট আৰু বিভিন্ন চৰকাৰী অধিসূচনাৰ জৰিয়তে ৩৮টা পৰামর্শ কার্যকৰী কৰাৰ বাবে আছুৰ সৈতে পুনৰ আলোচনাত মিলিত হোৱাৰ সিদ্ধান্ত লয়৷ আছুৰ সৈতে এপ্রিলৰ প্রথম সপ্তাহত তৃতীয়লানি বৈঠক অনুষ্ঠিত কৰি ৫২টা পৰামর্শ ৰূপায়ণ কৰিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই আশা প্রকাশ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ন্যায়াধীশ বিপ্লৱ শর্মা আয়োগৰ এটা পৰামর্শ আছিল চৰকাৰী ভাষা সঞ্চালকালয়ক পূর্ণ পর্যায়ৰ সঞ্চালকালয়লৈ ৰূপান্তৰ কৰা৷ কালিৰ বৈঠকত এই সিদ্ধান্ত তৎকালে কার্যকৰী কৰাৰ সিদ্ধান্ত লয়৷ অহা ১৪ এপ্রিলৰ পৰা চৰকাৰী আইন, বিধি, ন’টিফিকেচন আদি ব্রহ্মপুত্র উপত্যকাত ইংৰাজীৰ উপৰি অসমীয়া ভাষাতো প্রকাশ কৰা হ’ব৷ বৰাক উপত্যকাত সহযোগী ভাষা বাংলা আৰু বিটিআৰত ইংৰাজীৰ লগতে অসমীয়া আৰু বড়ো ভাষাতো প্রকাশৰ ব্যৱস্থা কৰা হ’ব৷ সেইদৰে চৰকাৰী শিক্ষানুষ্ঠান আৰু বেচৰকাৰী শিক্ষানুষ্ঠানত ব্রহ্মপুত্র উপত্যকাত অসমীয়া ভাষা আৰু বিটিআৰত অসমীয়া বা বড়ো ভাষা বাধ্যতামূলক বিষয় হিচাপে পঢ়ুৱাব লাগিব৷ বৰাক আৰু পার্বত্য জিলাৰ ক্ষেত্রত কালি কোনো এই বিষয়ত আলোচনা কৰা হোৱা নাই৷ সেইদৰে ন্যায়াধীশ শর্মাৰ পৰামর্শাৱলী অনুসৰি পুৰণি আইন, বিধি আৰু ন’টিফিকেচন আদি অসমীয়া ভাষালৈ ৰূপান্তৰ কৰাৰ ক্ষেত্রত গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্রুগড় বিশ্ববিদ্যালয় আৰু ৰাজ্য চৰকাৰে নিজা প্রচেষ্টাৰে ৰূপায়ণ কৰিব৷ সেইদৰে নির্বাচিত কিছু ৰাজহ ব্লকত ১৯৫১ৰ পূর্বে অহা ব্যক্তিয়েহে ভূমি ক্রয়–বিক্রয় কৰিব পাৰিব৷ অৱশ্যে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু ছয় জনগোষ্ঠীৰ ক্ষেত্রত তেনেধৰণৰ প্রমাণ–পত্র বিচৰাৰ পৰা বিৰত থকা হ’ব৷ মুখ্য নগৰসমূহত এই সিদ্ধান্ত প্রযোজ্য নহয়৷ আছুৱে নতুনকৈ গঠন হোৱা পৌৰসভাতো এই নিয়ম প্রযোজ্য হোৱাটো বিচাৰিছে৷ সেই বিষয়ে ভৱিষ্যতে চিন্তা–চর্চা কৰা হ’ব৷ কালিৰ আলোচনাত চৰ অঞ্চলৰ মাটি জৰীপ কৰাৰ সিদ্ধান্ত লোৱা হয় যদিও বন্দৱস্তি দিয়াৰ ক্ষেত্রত কোনো সিদ্ধান্ত লোৱা হোৱা নাই৷ পৰৱর্তী পর্যায়ত ৰাজনৈতিক, সামাজিক সংগঠনৰে কথা পাতি চৰকাৰে চৰ অঞ্চলৰ মাটি বন্দৱস্তিৰ পর্যায়লৈ আহিব৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ন্যায়াধীশ শর্মা আয়োগৰ ৩৮টা পৰামর্শাৱলী ৰূপায়ণৰ প্রতিবেদন এইবাৰ বাজেটত প্রতিফলন দেখা পাব৷ ন্যায়াধীশ শর্মাই তেওঁৰ প্রতিবেদনত অষ্টম শ্রেণীলৈ অসম বুৰঞ্জী বাধ্যতামূলক কৰাৰ পৰামর্শ দিছে৷ কালিৰ বৈঠকত অসম বুৰঞ্জীৰ লগতে ভূগোলো অষ্টম শ্রেণীলৈ বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱা হয়৷ অসমীয়াৰ সংজ্ঞাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এইটো কেন্দ্রীয় চৰকাৰৰ বিষয় যদিও ৰাজ্য চৰকাৰে সংজ্ঞা নির্ধাৰণ নকৰাকৈ ‘৫১ক ভিত্তি হিচাপে লৈ কাম কৰি আহিছে৷ সত্র আৰু সত্রৰ ভূমি সংৰক্ষণৰ ক্ষেত্রত কালিৰ বৈঠকত বিধায়িনী ক্ষমতাসহ সত্র আয়োগ গঠনত সিদ্ধান্ত লোৱা হয়৷ সেইদৰে ন্যায়াধীশ শর্মা কমিটীৰ প্রতিবেদন কার্যকৰী কৰাৰ বাবে আছুৰ সৈতে ত্রিপাক্ষিক আলোচনা অনুষ্ঠিত কৰাৰ ক্ষেত্রত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই বিষয়ত কেন্দ্রীয় চৰকাৰক অসম চৰকাৰৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে৷ ইপিনে, আছুৱে কালিৰ বৈঠকত গ্রহণ কৰা সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কয় যে অসমত জনজাতীয় বেল্ট–ব্লকসমূহ আছে৷ ইয়াৰ উপৰি ৰাজ্যৰ আন অঞ্চলসমূহত ৰাজহ চক্রৰ মাটিৰ অধিকাৰ আৰু মাটি বেচা–কিনা কেৱল অসমীয়া মানুহৰ মাজত সীমাবদ্ধ থাকিব৷ সেই বিষয়ত যাৱতীয় আইনৰ খচৰা প্রস্তুত কৰি থকা হৈছে৷ ২০২৬ চনৰ শিক্ষাবর্ষৰ পৰা অষ্টম শ্রেণীলৈ অসম বুৰঞ্জী বাধ্যতামূলক হ’ব আৰু অসম চৰকাৰৰ উদ্যোগত অসমীয়া মানুহৰ ইতিহাস প্রস্তুত কৰি উলিওৱা হ’ব৷ ভূমি সংক্রান্তীয় সকলো পৰামর্শ কার্যকৰী কৰিবলৈ ভূমি প্রশাসনৰ বাবে দুই হাজাৰ অতিৰিক্ত পদ সৃষ্টি কৰা হ’ব৷ তিনি বছৰত এই কাম সম্পূর্ণ কৰা হ’ব৷ অসম বিশ্ববিদ্যালয় শিলচৰ চৌহদত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসন আৰু তেজপুৰ বিশ্ববিদ্যালয় তেজপুৰ চৌহদত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱা আসনৰ সৈতে দুয়োখন বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ খোলা হ’ব৷ অসম চৰকাৰে উদ্যোগ লৈ এবছৰৰ ভিতৰত এই সিদ্ধান্ত কার্যকৰী কৰিব৷ অসমৰ সত্রসমূহৰ সর্বাংগীণ উন্নয়নৰ বাবে আৰু সত্র সম্পর্কে যিকোনো সিদ্ধান্ত গ্রহণ কৰিবলৈ এখন শক্তিশালী ব’ৰ্ড গঠন কৰা হ’ব আৰু এই ব’ৰ্ড স্বায়ত্তশাসিত হ’ব৷ তিনি মাহৰ ভিতৰত এই সম্পর্কীয় বিধেয়ক প্রস্তুত কৰা হ’ব৷ এক বিশেষ জৰীপৰ জৰিয়তে অসমৰ মূল কৃষিভূমি বাছনি কৰি উলিওৱা হ’ব আৰু চৰকাৰৰ অনুমতি অবিহনে অনা–কৃষিকার্যত এই ভূমি ব্যৱহাৰ কৰিব নোৱাৰিব৷ কৃষি অনুপযোগী ভূমিৰ জৰীপ কৰি সেই ভূমিক ঔদ্যোগিক ভূমি হিচাপে ঘোষণা কৰা হ’ব৷ অসমত ভূমিৰ তথ্য সংৰক্ষণ ব্যৱস্থা সুশৃংখলিত নোহোৱাৰ পৰিপ্রেক্ষিতত অসমৰ ভূমিৰ তথ্য সংৰক্ষণৰ বাবে ভূ–আধাৰ ব্যৱস্থা কার্যকৰী কৰা হ’ব৷ ভূ–আধাৰ আৰু ভূমিৰ গৰাকীৰ আধাৰ কার্ড সংলগ্ণ কৰি বিশেষ প্রমাণ–পত্র প্রদানৰ ব্যৱস্থা কৰা হ’ব৷ প্রতিখন জিলা সদৰত একোটাকৈ অত্যাধুনিক বহুমুখী সাংস্কৃতিক প্রকল্প নির্মাণ কৰা হ’ব৷ ৰাজ্যৰ প্রতিটো জনজাতি, জনগোষ্ঠীৰ বাবে প্রতিখন জিলাত সুকীয়াকৈ এটা বহুমুখী সাংস্কৃতিক প্রকল্প নির্মাণ কৰা হ’ব৷ অসমীয়া আৰু অন্যান্য জনগোষ্ঠীয়, জনজাতীয় ভাষাৰ বাবে গুৱাহাটীত এটা আধুনিক বহুভাষিক কেন্দ্রীয় পুথিভঁৰাল নির্মাণ কৰা হ’ব৷ পশ্চিমবংগৰ কোচবিহাৰস্থিত মধুপুৰ সত্র সংৰক্ষণ আৰু বিকাশৰ বাবে অসম চৰকাৰে ৫০ কোটি টকাৰ পুঁজি আবণ্টন কৰিব৷ কেন্দ্রীয় চৰকাৰক মধুপুৰ সত্রক ঐতিহ্য ক্ষেত্র হিচাপে ঘোষণা কৰিবলৈ অসম চৰকাৰে অনুৰোধ জনাব৷ আজানপীৰৰ দ্বাৰা ৰচিত জিকিৰ আৰু জাৰীসমূহ সংৰক্ষণৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব আৰু এইসমূহ অন্যান্য খিলঞ্জীয়া ভাষালৈ অহা ছমাহৰ ভিতৰত অনুবাদৰ ব্যৱস্থা কৰিব৷ অসম চুক্তিমর্মে স্থাপিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রলৈ অসম চৰকাৰে ১০০ কোটি টকাৰ বিশেষ পুঁজি আবণ্টন কৰিব আৰু এই পুঁজি ব্যয়ৰ বিষয়ত আছুৰ সৈতে আলোচনা কৰিব৷ জ্যোতি চিত্রবনৰ এটা ৰূপৰেখা প্রস্তুত কৰা হ’ব৷ এই ৰূপৰেখা প্রস্তুত কৰিবলৈ তিনিজন বিশিষ্ট সংস্কৃতিবিদ আৰু তিনিজন আছুৰ প্রতিনিধিক লৈ এখন কমিটী গঠন কৰা হ’ব আৰু সমিতিৰ প্রস্তাৱমর্মে বিশেষ প্রকল্প গ্রহণ কৰা হ’ব৷ জ্যোতি চিত্রবনৰ কর্মচাৰীসকল এতিয়াৰে পৰা অসম চৰকাৰৰ অধীনলৈ আহিব৷ আছুৱে আৰু কয় যে পূর্বৰ আলোচনাত বিপ্লৱ কুমাৰ শর্মাৰ প্রতিবেদনত কেন্দ্রীয় চৰকাৰৰ আওতাত পৰা বিষয়সমূহ কার্যকৰী কৰিবলৈ অসম চৰকাৰে কেন্দ্রীয় চৰকাৰক অনুৰোধ জনাব বুলি কৈছিল৷ কালিৰ আলোচনাত মুখ্যমন্ত্রী ড০ শর্মাই জনাইছে যে কেন্দ্রীয় চৰকাৰৰ আওতাত পৰা বিষয়সমূহ কার্যকৰী কৰিবলৈ অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে কেন্দ্রীয় চৰকাৰক অনুৰোধ জনোৱা হৈছে৷