নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰ : জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড। নিশাৰ আন্ধাৰত এটা পৰিয়ালৰ প্ৰায় চাৰি শতাধিক তামোলৰ পুলি কাটিলে দুৰ্বৃত্তই | গোৱালপাৰাৰ শিমলীতোলা আৰক্ষী চকীৰ অধীনস্থ খেৰোপাৰাত যোৱানিশা সংঘটিত হয় এনে চাঞ্চল্যকৰ কাণ্ড | সমাজত চকু চৰহা লোকৰ অভাৱ নাই, যিয়ে মুঠেই ভাল নাপায় প্ৰতিবেশীৰ উত্থান। তেনে এক কাণ্ডই পোহৰলৈ আহিছে খেৰোপাৰা গাঁৱত | গাঁওখনৰ জয়নাল আবেদিন নামৰ লোক এজনৰ ঘৰৰ পাছফালৰ বাৰীত পৰিয়ালটিয়ে বহু কষ্ট কৰি ৰুইছিল প্ৰায় চাৰে চাৰিশ তামোলৰ পুলি | পিছে নিশা কোনোবা দুষ্কৃতিকাৰীয়ে পোন্ধৰ-বিশডাল এৰি বাকী পুলিবোৰ কাটি তহিলং কৰে| তামোলৰ পুলিবোৰ গুৰিতে কাটি দিয়াত পাতবোৰ পৰি আছে বাৰীখনত। এক অতিকে দুখজনক ঘটনা | পুৱাৰ ভাগত পৰিয়ালৰ লোকে বাৰীলৈ গৈ প্ৰত্যক্ষ কৰে এনে জঘন্য কাণ্ড আৰু গাঁওখনত চাঞ্চল্য বিয়পে। ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ লোকে শিমলীতোলা থানাত লিখিত এজাহাৰ দাখিল কৰে | পৰিয়ালৰ লোক তথা গাঁওবাসীয়ে এই অমানৱীয় কাণ্ডৰ সৈতে জড়িত দুষ্কৃতিকাৰীক বিচাৰি উলিয়াই দোষীক শাস্তিৰ দিহা কৰিবলৈ আৰক্ষীক দাবী জনাইছে | প্ৰশ্ন হয়- মূৰৰ কেনে বিকৃতি ঘটিলে জীৱশ্ৰেষ্ঠ মানৱে এনেবোৰ গৰ্হিত কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে ? আৰক্ষীৰ তদন্তত ওলাবনে এই জঘন্য কাণ্ডৰ খলনায়কৰ সন্ধান ?
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস