১ আৰু ২ ব’হাগত পাঠশালাত ৪২সংখ্যক ৰঙালী বিহুঃ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব পাপন, সুবাসনা, প্ৰাণদ্বীপে
নিয়মীয়া বাৰ্তা, ১ এপ্রিলঃ বজালী জিলা সদৰ পাঠশালাত প্রতি বছৰৰ দৰে এইবেলিও অহা ১ আৰু ২ ব’হাগত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত পাঠশালা ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত ৪২ সংখ্যক ৰঙালী বিহু উদযাপনৰ ব্যাপক আয়োজন কৰা হৈছে৷ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিতব্য বিহু উদযাপন সন্দৰ্ভত আজি পাঠশালা ৰঙালী বিহু সন্মিলনীৰ অস্থায়ী কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰা হয়৷ বিহুৰ স্থায়ী সমিতিৰ সভাপতি স্বপন তালুকদাৰ, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কমল চৌধুৰী, যুটীয়া সচিব গুঞ্জন দাস, ভৃগু কুমাৰ তালুকদাৰ, উপ সভাপতি লক্ষেশ্বৰ দাস আৰু হিচাপ পৰীক্ষক মিণ্টু কলিতাই সংবাদ মেলখন সম্বোধন কৰি ৪২ সংখ্যক বিহু উদযাপনৰ কাৰ্যসূচীখন মুকলি কৰে৷ বিহু উদযাপনৰ কাৰ্যসূচী অনুসৰি পহিলা ব’হাগৰ ৰাতিপুৱা বিহু পতাকা উত্তোলন কৰিব স্থায়ী সমিতিৰ সভাপতি স্বপন তালুকদাৰে, বন্তি প্ৰজ্বলন কৰিব উদযাপন সমিতিৰ সভাপতি পৰাগ বৰ্মনে, স্মৃতি তৰ্পণ মুকলি কৰিব স্থায়ী সমিতি সম্পাদক গৌতম চৌধুৰীয়ে। ইয়াৰ পিছতে গ্ৰীণ মিছন, বজালীৰ সৌজন্যত গছপুলি বিতৰণ কৰিব আনন্দ খাটনিয়াৰে৷ পাঠশালা পাব্লিক স্কুল আৰু কিড্জি-পাঠশালা কেন্দ্ৰৰ সহযোগত বিহুৱান প্রদান আৰু সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বজালী জিলাৰ সদ্য বিদায়ী উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে৷ ১১ বজাত মৌ-কুঁৱৰী প্ৰতিযোগিতা আৰু ১১:৩০ বজাত মৌ-ৰাণী প্ৰতিযোগিতাৰ পিছতে অসমীয়া জলপান পৰিৱেশন কৰা হব৷ আবেলি প্ৰদৰ্শনীমূলক মুকলি বিহু উদ্বোধন কৰিব বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰ দাসে৷ সন্ধিয়া ছয় বজাত বিহুৱতী প্ৰতিযোগিতা উদ্বোধন কৰিব পাঠশালা মহাবিদ্যালয়ৰ প্ৰশাসনিক সমিতিৰ সভাপতি গিৰিশ পাটগিৰিয়ে৷ সাত বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব কনক দাসে৷ সাংস্কৃতিক সন্ধিয়াত সংগীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্ত আৰু প্ৰাণদ্বীপ দাসে৷ দুই ব’হাগৰ ৰাতিপুৱা ১০ বজাত চিক্ৰাংকণ প্ৰতিযোগিতা উদ্বোধন কৰিব বিশিষ্ট চিত্ৰ শিল্পী হাৰুণ আলীয়ে৷ ইয়াৰ পিছতে তপোবন শিশু গৃহত বিশেষ ভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ মাজত শৈক্ষিক সজুঁলি বিতৰণ আৰু পাঠশালা অসামৰিক চিকিৎসালয়ৰ ৰোগীসকলৰ মাজত ফল-মূল দান কৰিব স্বপন তালুকদাৰে৷ ১১ বজাত ৰচী টনা প্ৰতিযোগিতা অনুষ্ঠিত হব৷ সন্ধিয়া ৬-৩০ বজাত সাংস্কৃতিক সন্ধিয়াৰ বন্তি প্ৰজ্বলন কৰিব এন কে টিভিৰ সঞ্চালক নিপন কুমাৰ তালুকদাৰে৷ ৰতিকান্ত মহন্ত সোঁৱৰণী মঞ্চ মুকলি কৰিব কামৰূপ জিলাৰ জিলা পৰিবহন বিষয়া হিমাংশু দাসে৷ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ পাঠশালা ৰঙালী বিহু সন্মিলনীৰ মুখপত্র ‘বিহুৱান’ উন্মোচন কৰিব এন কে টিভিৰ মূখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে৷ অনুষ্ঠানত অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক বিশিষ্ট লোক শিল্পী বসন্ত পাটগিৰীক পাঠশালা ৰঙালী বিহু সন্মিলনী বঁটা প্ৰদান কৰাৰ লগতে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ CCRPৰ জলপানি প্ৰাপ্ত উদীয়মান শিল্পী বৰষা শৰ্মাক পাঠশালা ৰঙালী বিহু সন্মিলনী উদীয়মান শিল্পী বঁটা প্ৰদান কৰা হব৷ সন্ধিয়া ৭-৩০ বজাৰ পৰা নিশা ১২ বজালৈ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰগ (পাপন) মহন্তৰ সংগীতৰ অনুষ্ঠানেৰে ৪২ সংখ্যক পাঠশালা ৰঙালী বিহুৰ সামৰণি পৰিব৷ উদ্যোক্তাসকলে বিহুৰ সমূহ কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি আজিৰ সংবাদমেল যোগে কামনা কৰিছে৷
প্ৰেৰক কল্যাণ কলিতা