🔹 ভক্ত-দৰ্শনাৰ্থীক আদৰিবলৈ সাজু আয়োজক সমিতি
নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰ : শ্ৰীশ্ৰী দুৰ্গাপূজাৰ দিন চমু চাপি অহাৰ লগে লগে ভাৰত-ভূটান সীমান্তত মা দুৰ্গাৰ ভক্ত আৰু অনুৰাগীসকলৰ মাজত উৎসাহ-উদ্দীপনা বৃদ্ধি পাইছে ৷ নৱগঠিত তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ বাঙালীপাৰাত বাঙালীপাৰা বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গাপূজা মহোৎসৱ উদযাপন সমিতিয়ে ২০, ২১, আৰু ২৪ অক্টোবৰত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যাসূচীৰে ৫৭ সংখ্যক দুৰ্গাপূজা মহোৎসৱ অনুষ্ঠিত কৰিব ৷ ইয়াকে লৈ এতিয়া দিনে-নিশাই চলিছে ব্যাপক প্ৰস্তুতি ৷ এইবেলি কমল উপ্ৰেতীক সভাপতি, বিজয় নায়কক কাৰ্য্যকৰী সভাপতি, অপূৰ্ব জ্যোতি বৈশ্যক সম্পাদক, বাবুল কলিতাক কোষাধ্যক্ষ, মোহন চিমৰীয়াক, অজয় মণ্ডলক সহঃসম্পাদক হিচাপে লৈ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে শক্তিশালী দুৰ্গাপূজা উদযাপন সমিতি গঠন কৰি দিয়ে ৷ কাৰ্য্যসূচী অনুসৰি নাম-কীৰ্তন, ধৰ্মধ্বজা উত্তোলন, পূজাৰ মুখ্যদ্বাৰ উন্মোচন, দেৱীৰ মণ্ডপ উন্মোচন, চণ্ডীপাঠ, আয়তীৰ নাম পৰিৱেশন, ছোৱালীৰ নাগাৰা নাম, সাংস্কৃতিক সন্ধিয়া ইত্যাদি ৷ নৱমীৰ নিশা সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ গুঞ্জন প্ৰিয়া (তেজপুৰ) আৰু জেকিং ৰাজ (নলবাৰী)ৰ গীতৰ শৰাই ৷ ইতিমধ্যে ভক্ত-দৰ্শনাৰ্থীক আদৰিবলৈ সম্পূৰ্ণ সাজু আয়োজক সমিতি ৷ অসমীয়া, নেপালী, বঙালী, বড়ো, আদিবাসী জনগোষ্ঠীৰ সম্প্ৰীতিৰ মিলন ভূমিত পৰিণত হ’ব বাঙালীপাৰাৰ দুৰ্গাপূজাস্থলী ৷
প্ৰেৰক পৱন নাথ