নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিয়াত পাঁচ শতাধিক অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা

🛑 কলগাছিয়াৰ ছচিয়েল ওৱেলফেয়াৰ ছচাইটীৰ উদ্যোগ

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : কলগাছিয়াৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ছচিয়েল ওৱেলফেয়াৰ ছচাইটিৰ উদ্যোগত শিক্ষক দিৱস উপলক্ষে আজি কলগাছিয়াৰ ডঃ ভূপেন হাজৰিকা সোঁৱৰণী মঞ্চত অনুষ্ঠিত হয় এক সম্বৰ্ধনা সভা। সংগঠনটোৰ সভাপতি আজাদ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ। অনুষ্ঠানটোত মন্দিয়া সমষ্টিৰ অন্তৰ্গত ৰূপসী ব্লকৰ ১২খন আৰু মন্দিয়া ব্লকৰ ১৪খন গাওঁ পঞ্চায়ৰ প্ৰায় পাঁচ শতাধিক অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীক মানপত্ৰ, গামোচা, কলম আদিৰে ৰাজহুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰে।

প্ৰেৰক মফিদুল ইছলাম

You might also like