নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনৈতিক শক্তি বৃদ্ধিৰে অগ্ৰসৰ হৈছে অগপ : অতুল বৰা

🔹 আমবাৰীত পাঁচ শতাধিক যুৱক-যুৱতীৰ অগপত যোগদান

বিশেষ বাৰ্তা, ২৬ জুলাই : আজি আমবাৰীস্থ অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্য্যালয়ত বিভিন্ন সংগঠনৰ পাঁচ শতাধিকৰো অধিক যুৱক-যুৱতীয়ে অগপত যোগদান কৰে। অসম জাতীয় পৰিষদৰ যুৱ সংগঠন জাতীয় যুৱ শক্তিৰ গুৱাহাটী মহানগৰ সমিতিখন সমূহীয়াভাৱে অগপত যোগদান কৰাৰ লগতে ৰুদ্ৰবীৰ সেনাৰ দুই শতাধিক বিষয়ববীয়াই যোগদান কৰে আৰু দলটোত চামিল হয়। দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত উপস্থিত থাকি দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই যোগদানকাৰীসকলক আদৰণি জনায় কয় যে অসম গণ পৰিষদ দল ব্যক্তি সংস্থাপনৰ দল নহয়। এই দল অসমৰ জনসাধাৰণৰ আৰু ৰাজ্যখনৰ প্ৰতি দায়বদ্ধ এটা ধৰ্মনিৰপেক্ষ আঞ্চলিক দল। তথাকথিত আঞ্চলিকতাবাদৰ নামধাৰী আৰু দুই-এক ব্যক্তিৰ ৰাজনৈতিক সংস্থাপনৰ বাবে গঠন কৰা দলৰ প্ৰকৃত স্বৰূপ ৰাইজে প্ৰত্যক্ষ কৰিছে। ৰাজনৈতিক শক্তি বৃদ্ধিৰে আহিবলগীয়া সকলো নিৰ্বাচনৰ বাবে দলক প্ৰস্তুত কৰা হৈছে বুলি সভাপতি বৰাই উল্লেখ কৰি কয় যে অসম গণ পৰিষদ দলে অসমৰ ৰাইজৰ কাষত থাকি ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়ন আৰু বিকাশৰ বাবে কাম কৰি যাব।

অনুষ্ঠানত দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই দলত নতুনকৈ যোগদান কৰাসকলক আদৰণি জনাই কয় যে অসম গণ পৰিষদ দলটো অসমৰ ৰাইজে গঢ়া দল। সকলোৱে এটা পৰিয়ালৰ দৰে কাম কৰি অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে আগবাঢ়িব লাগিব। জাতীয় দায়বদ্ধতা যোৱা দিনবোৰতো অসম গণ পৰিষদ দলে পালন কৰি আহিছে আৰু ভৱিষ্যতলৈও পালন কৰি যাব বুলি মহন্তই মন্তব্য কৰে। অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক সুনীল ৰাজকোঁৱৰ, বিত্ত সম্পাদক জয়ন্ত খাউণ্ড, সম্পাদক প্ৰিন্স ফাইজুল হক, যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি হৃষীকেশ শৰ্মা প্ৰমুখ্যে কেইবাজনো দলীয় বিষয়ববীয়া উপস্থিত থাকে।

You might also like