নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলীয় ৬ বিধায়ক থকা সত্ত্বেও ধুবুৰীত শেষ ৰক্ষা নহ’ল আজমলৰ!

নিয়মীয়া বাৰ্তা, ৬ জুনঃ বিগত ৪ মে’ৰ দিনা অনুষ্ঠিত হৈ যোৱা ভোট গণনাৰ পিছত ধুবুৰী লোকসভা সমষ্টিৰ বিধানসভা ভিত্তিক ভোটগণনাৰ তথ্যত উঠি আহিছে কেতবোৰ তাৎপৰ্য্যপূৰ্ণ দিশ। উল্লেখ্য যে ধুবুৰী লোকসভা সমষ্টিত মুঠ ৬গৰাকীকৈ দলীয় বিধায়ক আছে এআইইউডিএফৰ। কিন্তু দলীয় বিধায়ক থকা বিধানসভা সমষ্টি কেইটাতেই কংগ্ৰেছতকৈ বহু ভোট কম পাইছে এআইইউডিএফে। ইয়াতে উল্লেখনীয় যে, ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ১১টা বিধানসভা সমষ্টিৰ ভিতৰত মানকাচৰ, ধুবুৰী, গৌৰীপুৰ, বিলাসীপাৰা পূৱ, বিলাসীপাৰা পশ্চিম, আৰু চেঙা বিধানসভা সমষ্টিত আছে এআইইউডিএফৰ দলীয় বিধায়ক। অৱশ্যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কেইটামান সমষ্টিৰ বিলুপ্তি ঘটাৰ সমান্তৰালকৈ অইন কেইটাৰো ভৌগলিক পৰিসীমাৰ কিছু সালসলনি হৈছে। ধুবুৰী লোকসভাৰ বিলাসীপাৰা পশ্চিম আৰু দক্ষিণ শালমাৰা -এই দুটা বিধানসভা সমষ্টিৰ ঠাইত বীৰসিং জৰুৱা নামৰ নতুন এটা বিধানসভা সমষ্টি গঠন কৰা হৈছে। সমান্তৰালকৈ চেঙা, মন্দিয়া আৰু সৃজনগ্ৰাম বিধানসভা সমষ্টি তিনিটা নতুনকৈ ধুবুৰী লোকসভা সমষ্টিত চামিল হৈছে। উল্লেখ্য যে, ধুবুৰী লোকসভা সমষ্টিত অন্তর্ভুক্ত হোৱা জনিয়া সমষ্টিটো নতুনকৈ গঠন কৰা হৈছে। ইপিনে প্ৰাপ্ত তথ্য মতে, নিজৰ দলীয় বিধায়ক থকা মানকাচৰ বিধানসভা সমষ্টিত এইবেলিৰ লোকসভা নিৰ্বাচনত এআইইউডিএফ প্ৰাৰ্থী তথা ধুবুৰীৰ তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমলে ৩৮,৪৪৬টা ভোট পাই তৃতীয় স্থানত থমকি ৰ’বলগীয়া হৈছে। আনহাতে শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামে নিজৰ গৃহ সমষ্টি মানকাচৰত পাইছে ৬৩,৯৬০টা ভোট। কংগ্ৰছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে মানকাচৰত পাইছে ১,৬৩,৭৯২টা ভোট। ঠিক অনুৰূপে নিজৰ দলীয় বিধায়ক থকা স্বত্বেও ধুবুৰী বিধানসভা সমষ্টিত আজমলে পাইছে ৩৫,৭৯০টা ভোট। ধুবুৰীত মিত্ৰজোঁটৰ জাবেদ ইছলামে ৪৩,৩৯৩টা ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছৰ ৰকিবুল হুছেইনে পাইছে ১,২৫,০৯৪টা ভোট। ইপিনে, দলীয় বিধায়ক থকা গৌৰীপুৰ বিধানসভা সমষ্টিতো এআইইউডিএফে কংগ্ৰেছতকৈ বহু কম ভোট পাইছে। সমষ্টিটোত ৩৯,৫৪১টা ভোট পাই বদৰুদ্দিন আজমলে দ্বিতীয় স্থানতে থমকি ৰ’বলগীয়া হোৱাৰ বিপৰীতে অগপই পাইছে ৩৭,৫৬৩টা ভোট। আনহাতে, ১,৯১,৬৮৯টা ভোট পাই ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰত কংগ্ৰেছে সৰ্বাধিক ভোট পোৱা সমষ্টিৰূপে উঠি আহিছে গৌৰীপুৰ। ইপিনে, বিলাসীপাৰা বিধানসভা সমষ্টিত এআইইউডিএফে পাইছে মাথো ১৩,২৬০টা ভোট। সমষ্টিটোত জাবেদ ইছলামে ৭৩,৯৪৮টা ভোট পাই দ্বিতীয় স্থানত থাকিবলগীয়া হোৱাৰ বিপৰীতে কংগ্ৰেছে পাইছে ৭৮,৩৭১টা ভোট। আনহাতে দলীয় বিধায়ক থকা স্বত্বেও চেঙা বিধানসভা সমষ্টিতো ভাল ফল দেখুৱাবলৈ সক্ষম হোৱা নাই আজমলে। সমষ্টিটোত এআইইউডিএফে ৫২,৩৭১টা ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছে পাইছে ১,৪৮,৯৪১টা ভোট। আনহাতে, মাথো ১০,৭৮৭টা ভোট পাই অগপই ধুবুৰী লোকসভা সমষ্টিৰ সৰ্বনিম্ন ভোট পোৱা বিধানসভা সমষ্টিৰূপে উঠি আহিছে সমষ্টিটো অগপৰ জাবেদ ইছলামে পাইছে ১০,৭৮৭টা ভোট। উল্লেখ্য যে, এইবেলি ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোলকগঞ্জ বিধানসভা সমষ্টিত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি এআইইউডিএফৰ স্থানীয় একাংশ নেতাই দাবী কৰিছিল যদিও সমষ্টিটোত শোচনীয় বিপৰ্যয়ৰ সন্মুখীন হৈছে দলটোৱে। মাথো ১১,৪০২টা ভোট পাই এইইউডিএফে ধুবুৰী লোকসভা সমষ্টিৰ সৰ্বনিম্ন ভোট পোৱা বিধানসভা সমষ্টিৰূপে উঠি আহিছে গোলকগঞ্জ। সমষ্টিটোত এনডিএ প্ৰাৰ্থী জাবেদ ইছলামে ৯৭,৮৩৩ টা ভোট পাই প্ৰথম স্থানত থকাৰ বিপৰীতে দলীয় বিধায়ক থকা স্বত্বেও কংগ্ৰেছে সমষ্টিটোত ৬৮,৮০৮টা ভোট পাই দ্বিতীয় স্থানতেই থমকিবলগীয়া হয়। ইপিনে বিগত ৭ জুনৰ দিনা তৃতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা ধুবুৰী লোকসভা সমষ্টিটোৰ নিৰ্বাচন সম্পন্ন হোৱাৰ পিছত লোকসভা সমষ্টিটোৰ বীৰসিং জৰুৱা বিধানসভা সমষ্টিৰ দায়িত্বত থকা বিজেপিৰ একাংশ স্থানীয় কাৰ্যকৰ্তাই সংখ্যালঘু ভোটাৰৰ প্ৰাধান্য থকা সেই বিধানসভা সমষ্টিটোত মিত্ৰজোঁটে অতি কমেও ৩০ হাজাৰ ভোট পাব বুলি দাবী কৰা পেৱা গৈছিল। কিন্তু দিঠকত গৈ ভোট গণনাৰ পিছত সমষ্টিটোত এনডিএৰ প্ৰাৰ্থী জাবেদ ইছলামে সমষ্টিটোত মাথো ১৪,৪৮৪টা ভোট পোৱা দেখা যায়। আনহাতে, বীৰসিং জৰুৱাত কংগ্ৰেছে ১,৬৩,২১১টা ভোট পোৱাৰ বিপৰীতে এআইইউডিএফে পাইছে ৬৬,৩০৫টা ভোট। উল্লেখ্য যে, এইবেলিৰ লোকসভা নিৰ্বাচনত দেশৰ ভিতৰত দ্বিতীয়টো সৰ্বোচ্চ ভোটৰ ব্যৱধানত বিজয়ী হোৱাৰ অভিলেখ গঢ়ি ধুবুৰী লোকসভা সমষ্টিত বিজয়ী হৈছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে। হুছেইনে তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী বদৰুদ্দিন আজমলক ১০ লাখ ১২ হাজাৰ ৪৭৬টা ভোটত পৰাভূত কৰি লাভ কৰে ১৪ লাখ ৭১ হাজাৰ ৮৮৫ টা ভোট। আনহাতে , লোকসভা সমষ্টিটোত চতুৰ্থ বাৰৰ বাবে বিজয়ী হোৱাৰ আশা ধূলিস্যাৎ হৈ এআইইউডিএফ প্ৰাৰ্থী তথা ধুবুৰীৰ তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমলে পায় ৪,৫৯,৪০৯টা ভোট। শাসকীয় মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী জাবেদ ইছলামে ৪ লাখ ৩৮ হাজাৰ ৫৯৪ টা ভোট পাই ২০১৯ৰ লোকসভা নিৰ্বাচনৰ অনুৰূপে এইবাৰো তৃতীয় স্থানতেই থাকিবলগীয়া হয়।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like