তিনিচুকীয়াত ৬০টা প্ৰতিষ্ঠানেৰে আৰম্ভ ক্ষুদ্ৰ উদ্যমীৰ বাণিজ্য মেলা
বিশেষ বাৰ্তা, ৯ জানুৱাৰী : তিনিচুকীয়া জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ উদ্যোগত তিনিচুকীয়াৰ চলিহা নগৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে ক্ষুদ্ৰ উদ্যমীৰ বাণিজ্য মেলা। জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৬০টা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰা এই মেলাখন আজি পুৱা আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে জিলা উন্নয়ন আয়ুক্ত পৱিত্ৰ কুমাৰ দাসে। এই উপলক্ষে অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত তেওঁ কয় যে, আমাৰ বহু উদ্যমীয়ে ভাল ভাল উৎপাদন মূলক কামত জড়িত হৈ আছে যদিও উপযুক্ত প্ৰচাৰ আৰু যোগাযোগৰ অভাৱত ভাল বজাৰ পোৱা নাই। এই মেলাই জিলাখনৰ ক্ষুদ্ৰ আৰু কুটিৰ শিল্পৰ সৈতে জড়িত উদ্যমী ব্যক্তিসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰিৰ বাবে এখন ভাল বজাৰ আৰু প্ৰচাৰ প্ৰদানত সহায় কৰিব। এনে ধৰণৰ সৰু সৰু উৎপাদনমুখী কামেই দেশৰ অৰ্থনীতি সমৃদ্ধ কৰে বুলি তেওঁ মন্তব্য কৰে। সভাৰ আৰম্ভণিতে জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মহাপ্ৰবন্ধক হীৰকজ্যোতি পেগুয়ে দিয়া আদৰণি ভাষণত কয় যে, এই মেলাত জিলাখনৰ মুঠ ৬০ জন উদ্যমী বা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। অতি কম সময়ৰ ভিতৰতে মেলাখন আয়োজন কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াত বিপনীৰ কোনো ভাড়া দিব নালাগে আৰু অংশগ্ৰহণকাৰীসকলক দৈনিক খাদ্যৰো যোগান ধৰা হ’ব। মেলাৰ সৈতে সংগতি ৰাখি মীন পালন, জৈৱিক সাৰৰ প্ৰস্তুতি, কাঠফুলাৰ খেতি, আচাৰ বনোৱা আদি উদ্যমিতাৰ বিভিন্ন দিশ প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। লগতে প্ৰতি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। সভাত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ উপ প্ৰৱন্ধক ৰঞ্জনেশ্বৰ গোস্বামীয়েও চমু বক্তব্য দাঙি ধৰে। অহা ১৩ জানুৱাৰীলৈ চলিব লগীয়া এই মেলাত থলুৱা বস্ত্ৰ, চাহপাত, বাহ-বেতৰ সামগ্ৰী, প্লাষ্টিক সামগ্ৰী, ফল-ফুলৰ নাৰ্ছাৰী, কাঠফুলা-আচাৰ আদি খাদ্য সামগ্ৰী ইত্যাদিৰ উৎপাদকসকলে বিপনী স্থাপন কৰা দেখা গৈছে।
প্ৰেৰক বিবেক বড়া