নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শাৰদীয় দুৰ্গোৎসৱত কাজিৰঙালৈ আগমন অভিলেখসংখ্যক পৰ্যটকৰ

নিয়মীয়া বার্তা, ১৪ অক্টোবৰ : পৰ্য্যটন বৰ্ষৰ আৰম্ভণিতেই পুনৰ অভিলেখ গঢ়িলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। মাত্ৰ ১৩ দিনত কেৱল জীপ চাফাৰীৰ জৰিয়তে  বন বিভাগে দেশী বিদেশী পয্যটকৰ পৰা সংগ্ৰহ কৰিবলৈ সক্ষম হল ২৪,১৬,৫৩১ টকাৰ ৰাজহ।উল্লেখযোগ্য যে যোৱা এক অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল।ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল কেৱল জীপ চাফাৰীহে পয্যটকৰ বাবে মুকলি কৰা হৈছিল। উল্লেখযোগ্য যে দুৰ্গোৎসৱৰ সময়ত কাজিৰঙা লৈ আগমন ঘটে দেশী বিদেশী পয্যটকৰ বিশেষকৈ পশ্চিমবংগৰ পয্যটকে দুৰ্গোৎসৱৰ বন্ধৰ সুবিধা গ্ৰহণ কৰি কাজিৰঙাত ভিৰ কৰা দেখা যায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰ্য্যটনৰ এই গুৰুত্বপূৰ্ণ দিশটো লক্ষ্য ৰাখি বিগত বৰ্ষসমূহত অক্টোবৰ মাহৰ প্ৰথম ভাগতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰি আহিছে। যাৰ ফলত বিগত বৰ্ষত পয্যটনৰ আগমনৰ ক্ষেত্ৰত এক নতুন অভিলেখ গঢ়িব লৈ সক্ষম হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। এইবাৰো মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত পহিলা অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হয়। বিগত মাত্ৰ  ১৩টা দিনৰ ভিতৰতে কাজিৰঙালৈ আগমন ঘটে মুঠ ১১০৪৫গৰাকী পৰ্য্যটক। ইয়াৰে দেশীয় পৰ্য্যটকৰ সংখ্যা ১০৯২৮গৰাকী আৰু বিদেশী পৰ্য্যটকৰ সংখ্যা আছিল ১১৭গৰাকী। মাত্ৰ ১৩টা দিনত পয্যটকৰ আগমনৰ লগতে ৰাজহ সংগ্ৰহৰ পৰিমানে এক নতুন অভিলেখ গঢ়িলে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা পয্যটকৰ এইবাৰ কেৱল গঁড়, পশুৰ লগতে ঢেঁকীয়াপতীয়া বাঘ দেখাৰো সৌভাগ্য ঘটিছে। স্থানীয় পৰ্য্যটনৰ সৈতে জড়িত ৰাইজে ইয়াৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে।
প্ৰেৰক ৰঞ্জিত ৰজক
You might also like