নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমৰীয়াত ইউনিফৰ্মৰ ৰাহি ধনেৰে ভোজ আয়োজনৰ অভিযোগ

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২৪ মে’ : এখন চৰকাৰী বিদ্যালয়। বিদ্যালয়খনত আয়োজন কৰা হৈছে বৰভোজৰ ! বিদ্যালয় চৌহদত বিয়পিছে মাংস আঞ্জাৰ গোন্ধ | পিছে ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ টকাৰেহে পাতিছে হেনো এই বৰভোজ। কামৰূপৰ ছমৰীয়া শিক্ষাখণ্ডৰ চাকলা প্ৰাথমিক বিদ্যালয়ত আজি পুৱাৰে পৰা সকলো ব্যস্ত ভোজৰ বাবে | পৰিচালনা সমিতিৰ একাংশই কৰা অভিযোগ অনুসৰি, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ ৰাহি হোৱা টকাৰে আয়োজন কৰা হৈছে এই ভোজ | পিছে এই অভিযোগ অস্বীকাৰ কৰিছে স্কুলখনৰ প্ৰধান শিক্ষকগৰাকীয়ে। ভোজলৈ নিমন্ত্ৰণো জনোৱা হয় বহুতকে, পিছে তাৰ মাজতো বাদ পৰে একাংশ আৰু তাকে লৈ বিদ্যালয়ৰ দুৰ্নীতি-অনিয়মক লৈ সৰৱ এতিয়া সচেতন মহল | প্ৰশ্ন হয়- বিদ্যালয়ত পাঠদানক গৌণ কৰি কিহৰ এই বৰভোজ? ছমৰীয়া প্ৰাথমিক শিক্ষাখণ্ডত চৰকাৰী শিক্ষানুষ্ঠানত কাৰ ছত্ৰছায়াত চলিছে শিক্ষণৰ নামত এনে বহুৱালি? জ্ঞানৰ মন্দিৰসদৃশ শিক্ষানুষ্ঠানত কিহৰ বাবে এনেবোৰ অনুশাসনহীন কাণ্ড ?

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like