🔹 নিশা হ’লেই ভীতিগ্ৰস্ততাই আগুৰে ভোগডাংগা-ফেস্কাৰকুটীৰ বাসিন্দাক
নিয়মীয়া বাৰ্তা, ১১ আগষ্ট : বাংলাদেশৰ সাম্প্রতিক অগ্নিগৰ্ভ পৰিস্থিতি তথা দেশখনত জামাত-ইছলামী-বাংলাদেশৰ দৰে মৌলবাদী শক্তিৰ উত্থানৰ পিছত ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ সিপাৰে থকা ভাৰতীয় গাঁও দুখন দৰাচলতে কিমান সুৰক্ষিত, তাক লৈ প্ৰশ্নৰ উদ্ৰেক ঘটিছে। উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰ্তমানে ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বাহিৰৰ পিলাৰ নং ১০২১ আৰু ১০২২ৰ মাজত আছে ভোগডাংগা আৰু ফেস্কাৰকুটী নামৰ সেই বিশেষ গাঁও দুখন। আনুমানিক প্ৰায় ৬৬২ বিঘা মাটিকালিৰ এই গাঁও দুখনৰ প্ৰায় ৯০ শতাংশ বাসিন্দাই হ’ল কোচ ৰাজবংশী লোক। গাঁও দুখন চাৰিওফালৰ পৰা আগুৰি আছে বাংলাদেশৰ কুৰীগ্ৰাম জিলাৰ কাছেৰ কুটী, সবেৰ কুটী, খুনুৰ গাঁও, শিবেৰ হাট, বালাবাৰী আৰু আংলেৰ কুটী নামৰ কেইবাখনো বাংলাদেশী গাঁও। ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ মাজত থকা এখন বিশেষ দুৱাৰেই হ’ল অসম তথা ভাৰতৰ মূল ভূখণ্ডৰ পৰা এই গাঁও দুখনলৈ যোৱাৰ একমাত্ৰ পথ। পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ খোলা থাকে ৫০ নম্বৰেৰে নামাংকিত সেই বিশেষ দুৱাৰখন। ২৪ ঘন্টাই বিএছএফৰ পহৰা থকা সেই দুৱাৰখনেৰে ওলোৱা-সোমোৱা কৰিবলৈ প্ৰয়োজন হয় “গেট পাছ” তথা বিশেষ অনুমতিৰ। সন্ধিয়া ৬ বজাৰ লগে লগে সেই দুৱাৰখন বাহিৰৰ পৰা তলা মাৰি দিয়াৰ পিছত কাৰ্যতঃ ভাৰতৰ পৰা বিচ্ছিন্ন হৈ পৰে সেই গাঁও দুখন আৰু ফলত নিশা হ’লেই গাঁও দুখনৰ ৰাইজৰ মাজত সৃষ্টি হয় এক অনিশ্চয়তাৰ পৰিৱেশ। অৱশ্যে চিকিৎসাজনিত কাৰণ অথবা আন কোনো বিশেষ জৰুৰী প্ৰয়োজনত নিশা দুৱাৰখনৰ ওচৰলৈ গৈ মাতিলে বিএছএফে খুলি দিয়ে । উল্লেখ্য যে সেই গেটখন পাৰ হৈ মাটিৰ ঠেক পথ এছোৱাৰে আগুৱাই গ’লে প্ৰথমে পোৱা যায় ভোগডাংগা নামৰ গাঁওখন। ভোগডাংগাৰ পৰা আগুৱাই গ’লে প্ৰথমে পোৱা যায় কালদেও নামৰ নদী এখনৰ ওপৰত থকা সৰু দলং আৰু সেয়া পাৰ হৈ আৰু ভিতৰলৈ সোমাই যাব লাগে ফেস্কাৰকুটি গাঁও পাবলৈ। ধুবুৰী জিলাৰ গোলকগঞ্জ মহকুমাৰ সদৰ গোলকগঞ্জৰ পৰা মাত্ৰ ১৪ কিলোমিটাৰ দূৰত্বত অৱস্থিত সেই গাঁও দুখনৰ পৰা আনুমানিক এশ মিটাৰ দূৰত্বত আছে বাংলাদেশী গাঁও এখনকে ধৰি বিজিবি (বৰ্ডাৰ গাৰ্ড বাংলাদেশ)ৰ নিৰীক্ষণ চকীও৷ পিছে ভোগডাংগা অথবা ফেস্কাৰকুটীত কিন্তু নাই বিএছএফৰ স্হায়ী কোনো পহৰা চকী। তাৰেই পৰিপ্ৰেক্ষিতত তথা বাংলাদেশৰ সাম্প্রতিক পৰিস্থিতিৰ প্ৰেক্ষাপটত ভোগডাংগা আৰু ফেস্কাৰকুটী গাঁৱৰ ৰাইজৰ নিৰাপত্তাৰ বিষয়টোক লৈ চিন্তাচৰ্চাৰ প্ৰয়োজনীয়তা থকা বুলি সচেতন মহলৰ মাজত চৰ্চা চলিছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী