নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ বৰদৈ পঞ্চায়তত বালিয়ে পুতিলে শ শ বিঘা কৃষিভূমি

🔹 লক্ষ্মী পূজাত আদৰিবলৈ পথাৰত নাই এমুঠি লখিমী

নিয়মীয়া বাৰ্তা,  ২৮ অক্টোবৰ : আজি ধন-সম্পদৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা। সৌভাগ্য আৰু শান্তিৰ প্ৰতীক মা লক্ষ্মী ৷ সৌভাগ্য আৰু সমৃদ্ধিৰ বাবে ঘৰে ঘৰে লক্ষ্মী দেৱীৰ আৰাধনা কৰা হয় ৷ ধনৰ দেৱী লক্ষ্মীক আৰাধনাৰ বাবে ৰাজ্যৰ প্রান্তে প্রান্তে চলিছে পূজা-অৰ্চনা। কিন্তু ঢকুৱাখনাৰ একাংশ অঞ্চলত নাই লক্ষ্মী পূজাৰ উছাহ। এমুঠি ধানৰ বাবে হাহাকাৰ ঢকুৱাখনা মহকুমাৰ বৰদৈ পঞ্চায়তৰ কেইবাখনো গাঁৱৰ কৃষকৰ। লক্ষ্মী পূজাৰ দিনা লখিমীক আদৰিবলৈ গৈ থমকি ৰৈছে চহা কৃষক। কাৰণ জীয়াধল আৰু কোমতীয়া নৈৰ বালিয়ে পুতি পেলালে পঞ্চায়তটোৰ চিনাই, গেৰেকী, বেটনিসোলা, চুটিয়াকাৰী, ন-পাম আদিকে ধৰি ৮খনৰো অধিক গাঁৱৰ শ শ পৰিয়ালৰ খেতিপথাৰ। কাতিমহীয়া সেউজীয়া হৈ থাকিবলগীয়া পথাৰডৰাত এতিয়া মৰুভূমিসদৃশ পৰিৱেশ। কৃষকে সপোন ৰচা পথাৰডৰা থানবান কৰি গ’ল জীয়াধল আৰু কোমতীয়া নৈৰ বানে।নৈৰ বালিয়ে পুতিলে অঞ্চলটোৰ কৃষকৰ শ শ বিঘা উৰ্বৰা কৃষিভূমি। ছন পৰি ৰ’ল বহু হেক্টৰ কৃষিভূমি৷ বালিৰ বুকুত হেৰাই গ’ল শইচেৰে ভৰা সপোনৰ পথাৰখন৷ এতিয়া সন্মুখত কেৱল উদং পথাৰ আৰু বালি। সমৃদ্ধিৰ দেৱী লক্ষ্মীক আদৰিবলৈও উছাহ নাই অঞ্চলটোৰ ৰাইজৰ মাজত।লক্ষ্মী পূজা কৰিবলৈ পথাৰত নাই এমুঠিও ধান। কেৱল মৰুময় পৰিৱেশত মৰিশালিৰ নিস্তব্ধতা।পূজাৰ দিনটোত চাকি জ্বলাবলৈ নাই খেতিপথাৰ। সন্মুখৰ উদং পথাৰলৈ চাই কৃষকৰ কেৱল হুমুনিয়াহ। আনন্দ-উছাহেৰে যি সময়ত কৃষিজীৱী অসমীয়াই লখিমীক আদৰিব লাগিছিল, সেই সময়ত চকুলো টুকিবলগীয়া হৈছে অঞ্চলটোৰ শ শ কৃষকে। ইফালে, কৃষকসকলৰ এই দুৰৱস্থাৰ বুজ ল’বলৈ আজিপৰ্যন্ত আহৰি চৰকাৰ অথবা সংশ্লিষ্ট কতৃৰ্পক্ষৰ নাই। মৰুভূমিসদৃশ পৰিস্থিতিৰ বাবে ধান খেতি কৰিব নোৱাৰা বৰদৈ পঞ্চায়তৰ কৃষক ৰাইজৰ মংগলৰ বাবে ঢকুৱাখনা মহকুমা কৃষি বিভাগে আজিপৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ভুক্তভোগী কৃষকসকলে গভীৰ দুখ আৰু ক্ষোভ প্ৰকাশ কৰিছে ৷ আজি লক্ষ্মী পূজাৰ দিনটোত উদং পথাৰলৈ চাই কৃষকসকলে চকুলো টুকিছে, কিন্তু তেওঁলোকক সান্ত্বনা দিবলৈও কোনো নাই৷

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like