🔹 শিক্ষা বিষয়াক অভিযোগ দাখিল
নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰ : মৰিগাঁও জিলাৰ লাহৰীঘাট প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত একাংশ বিদ্যালয়ত পৰিচালনা সমিতি গঠনত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে। শেহতীয়াকৈ এই শিক্ষাখণ্ডৰ অন্তৰ্গত গমলু নতুন প্ৰাথমিক বিদ্যালয়ত পৰিচালনা সমিতি গঠনত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে। বিদ্যালয়খনৰ পৰিচালনা সমিতি গঠনত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ আৰু অভিভাৱকে। স্থানীয় ৰাইজৰ হৈ কলিম উদ্দিনে লাহৰীঘাট প্ৰাথমিক শিক্ষাখণ্ডৰ খণ্ড শিক্ষা বিষয়াক অভিযোগ দাখিল কৰে। শিক্ষা বিষয়ালৈ দিয়া অভিযোগত কলিম উদ্দিনে উল্লেখ কৰা মতে, যোৱা ৩ অক্টোবৰত গমলু প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি গঠনাৰ্থে এখন সভা অনুষ্ঠিত হয়। পৰিচালনা সমিতি গঠন প্ৰক্ৰিয়াত ব্যাপক অনিয়ম সংঘটিত হয়। এজন লোকে ৪জনকৈ সদস্যৰ প্ৰস্তাৱ কৰাৰ লগতে অভিভাৱক নথকা অৱস্হাত পৰিচালনা সমিতিৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰে। এই ক্ষেত্রত বিভাগীয় পৰ্যবেক্ষকৰ ভূমিকাও ৰহস্যজনক। সেইদিনা অনিয়মেৰে গঠন হোৱা পৰিচালনা সমিতিৰ এক সঠিক তদন্ত কৰি পুনৰ নতুন কমিটী গঠন কৰাৰ ব্যৱস্থা কৰাৰ বাবে অভিযোগ পত্ৰত উল্লেখ কৰে।
প্ৰেৰক আবুল কালাম