নিয়মীয়া বাৰ্তা, ২১ জুনঃ যোৱা কেইবাদিন ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত কালদিয়া আৰু পহুমৰা নৈ ফেনে ফোটোকাৰে বাঢ়ি আছে। ইতিমধ্যে নৈৰ দাঁতিকাষৰীয়া অঞ্চলসমুহ জলমগ্ন হৈ পৰিছে । বাক্সা জিলাৰ জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত ভেৱলা কেওট চুপা, জ্যোতিনগৰ, কলবাৰী আদিকে ধৰি বিস্তীৰ্ণ অঞ্চল কালদিয়াৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে । আজি দিনটোতো যদি বৰষুণ দি থাকে তেতিয়াহলে ভেৱলা কেওট চুপাৰ সকলোবোৰ লোক হয়তো বেলেগ ঠাইত আশ্ৰয় লব লাগিব। ঠিক তেনেদৰে পহুমৰা নৈৰ বাঢ়নী পানীয়ে চহোগুৰি, কুন্দৰগাঁও আদি অঞ্চল বুৰাই পেলাইছে । জালাহ-শিলবাৰী-ৰূপহী পথটোৰেও পহুমৰা নৈৰ সোঁত বোৱাৰ ফলত পথটোৰে যাতায়াত ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে ।
প্ৰেৰক দিগন্ত দাস