🔹 ধুবুৰী জিলা আক্ৰাছু (ইউজি), চিলাৰায় সেনা, কোচ ৰাজবংশী মহিলা সমিতি, ৰাষ্ট্ৰীয় বজৰং দলৰ ৬ ঘণ্টীয়া অৱস্থান ধৰ্মঘট
নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰ : ছিণ্ডিকেটৰাজ বন্ধ কৰাৰ দাবীত ধুবুৰী জিলাৰ গোলকগঞ্জৰ সোণহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ সন্মুখত ধুবুৰী জিলা আক্ৰাছু (ইউজি), চিলাৰায় সেনা, কোচ ৰাজবংশী মহিলা সমিতি আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ উদ্যোগত আজি এক ৬ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়িত হয়। সংগঠনকেইটাই সোণাহাট স্থল বন্দৰত এটা ছিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ পৰাৰ অভিযোগ তুলি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে ধৰ্মঘটথলী উত্তাল কৰি তোলে। স্মৰ্তব্য যে অনুৰূপ অভিযোগেৰে ২১ ডিচেম্বৰৰ দিনা ধুবুৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সোণাহাটত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হোৱাৰ বিপৰীতে ২৬ ডিচেম্বৰৰ দিনা কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টী (কেপিপি)ৰ উদ্যোগত সোণাহাটত ৰূপায়িত হৈছিল অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী। তাৎপৰ্য্যপূৰ্ণভাৱে বিগত এসপ্তাহৰ ভিতৰত সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত ছিণ্ডিকেটৰাজ আৰম্ভ হোৱাৰ অভিযোগ তুলি ৬টাকৈ সংগঠনে বিভিন্ন প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়িত কৰিলে যদিও বিষয়টোক লৈ বৰ্তমানেও মৌনতা অৱলম্বন কৰা দেখা গৈছে ধুবুৰী জিলা প্ৰশাসনকে ধৰি সংশ্লিষ্ট চৰকাৰী বিভাগটোৱে।