নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইক কেন্দ্ৰ কৰি উৎসৱ হোৱা মাজুলীত পৰিভ্ৰমী চৰাইৰ নিধন যজ্ঞ

নিয়মীয়া বাৰ্তা,  ২৮ ডিচেম্বৰ : নদীদ্বীপ মাজুলীৰ  অনুপম সৌন্দৰ্যৰ অন্যতম উপাদান হৈছে মাজুলীৰ জলাশয়, পথাৰসমূহত পৰিভ্ৰমী পক্ষীৰ নান্দনিক দৃশ্য। পক্ষীৰ কাকলিত সুশোভিত হৈ পৰা দ্বীপ জিলাৰ এই স্বকীয় ৰূপ লাৱন্যত মোহত হৈ ভিৰ কৰেহি দেশী-বিদেশী পৰ্যটকে৷ ঋতু হেমন্তৰ হৈমন্তিক আৱৰনৰ সময়তেই মাজুলীলৈ আগমন হয় দেশী-বিদেশী অগণন পক্ষীৰো। মাজুলীৰ বিভিন্ন জলাশয় তথা পথাৰত এতিয়া শীতৰ আমেজ লৈ পুৱা-গধূলি কেলি কৰে পৰিভ্ৰমী পক্ষীয়ে৷ সেই অনুসৰি অসমৰ প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান চৰাইচুং, পূৱ মাজুলীৰ মাগুৰমাৰী, উজনিৰ ভকতিবিল,  দক্ষিণপাট বৰপাচী, বৰখোৱাবাৰী, গৰৈমাৰি, আউনীআটী অঞ্চল, টুনীকে আদি কৰি উজনিৰ পৰা নামনিলৈকে বিভিন্ন পক্ষী বিচৰণৰ জলাশয় সমূহত আলহী পক্ষীয়ে ভীৰ কৰাৰ সময়তে একাংশ দুষ্কৃতিকাৰীয়ে এতিয়া পৰিভ্ৰমী চৰাইকো কীটনাশক দৰৱ দি হত্যা কৰাৰ দুৰ্ভাগ্যজনক খবৰ পোহৰলৈ আহিছে। প্ৰকৃতিপ্ৰেমীৰ এক সূত্ৰই দিয়া খবৰ অনুসৰি ফুৰাডন নামৰ এবিধ কীটনাশক দি জলাশয় সমূহত চাইবেৰীয়া, চীন আদি দেশৰ পৰা অহা পৰিভ্ৰমী চৰাই এতিয়া হত্যা কৰিছে একাংশ মানৱ ৰূপী দানৱে। ‘নিয়মীয়া বাৰ্তা’ত মাজুলীৰ পৰিভ্ৰমী পক্ষীৰ ওপৰত কৰা শেহতীয়া এক প্ৰতিবেদনত এই সময়ত একাংশ দুষ্কৃতিকাৰীয়ে মাজুলীত পক্ষী হত্যা কৰাৰ পূৰ্বৰ উদাহৰণক দুহাই বন বিভাগক সতৰ্ক কৰি দিয়া হৈছিল যদিও বিয়াগোম বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰিয়েই এতিয়া মাজুলীৰ ভেৰেকী, চাকুলি বিলত পৰিভ্ৰমী চৰাইৰ নিধন কৰাৰ খবৰ পোৱা গৈছে। উক্ত বিল দুখনত চৰাইৰ নিধনৰ বাবে দি ৰখা বহু কীটনাশক ঔষধো একাংশ প্ৰকৃতিপ্ৰেমীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। মাজুলীৰ কমলাবাৰী অঞ্চলৰে দুয়োখন বিলত এনেধৰণে পক্ষী হত্যা নিৰ্বিবাদে চলি থকাৰ পিছতো বন বিভাগৰ উদাসীনতাত এতিয়া সচেতন মহল স্তম্ভিত হৈ পৰিছে। দুৰ্ভাগ্যজনক কথাটো হৈছে কীটনাশক দৰৱ খাই উৰি যোৱা ৰাজহা‌ঁহ ওপৰৰ পৰা সৰি পৰি মৃত্যুৰ দৃশ্যই এতিয়া সচেতন মহলক ব্যথিত কৰি তুলিছে। যি সময়ত মাজুলীত চৰাইক কেন্দ্ৰ কৰি চৰাইচুং উৎসৱ অনুষ্ঠিত হৈছে, যিসময়ত মাজুলীৰ ৰাজকীয় পক্ষী উদ্যানক জিলা প্ৰশাসনে পৰ্যটন মানচিত্ৰত ঠাই দিয়াৰ চিন্তা চৰ্চা অব্যাহত ৰাখিছে তেনে সময়তে এইখন মাজুলীতে পৰিভ্ৰমী চৰাইৰ নিধন হোৱাৰ খবৰে এতিয়া প্ৰকৃতিপ্ৰেমীসকলক বাৰুকৈয়ে ব্যথিত কৰি তুলিছে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like