নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘থীম বেছ’ পূজা মণ্ডপেৰে সাজু ধুবুৰীৰ পূজাস্থলী

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰ : দুৰ্গাপূজাৰ ষষ্ঠীলৈ মাজত মাথোঁ কেইটামান ঘণ্টা। বৰ্তমান দিনে-নিশাই কাম চলিছে ধুবুৰীৰ পূজা মণ্ডপবোৰত; তুমুল ব্যস্ত আয়োজকসকলো। এইবাৰ ধুবুৰীৰ পূজাৰ আকৰ্ষণ হ’বলৈ গৈ আছে “থীম বেছ” পূজা মণ্ডপ। চহৰখনৰ ১নং ৱাৰ্ডৰ ৰজা প্ৰভাত চন্দ্ৰ খেলপথাৰত সবুজ সংঘৰ পূজা মণ্ডপৰ থীম হ’ল “চেইফ লাইভ-চেইফ ড্ৰাইভ”। এইবেলি ৭৩ বছৰ স্পৰ্শ কৰিবলগীয়া এই পূজাখনৰ বাজেট প্ৰায় ১০ লাখ টকা। ধুবুৰীৰ প্ৰতিষ্ঠিত মণ্ডপ শিল্পী ফুকন বাইনৰ তত্ত্বাৱধানত বৰ্তমানে চলিছে এই পূজা মণ্ডপখনৰ অন্তিম পৰশৰ কাম। পশ্চিমবংগৰ কোচবিহাৰৰ মাৰুগঞ্জৰ আলোক শিল্পীৰ এক বিশেষ আলোকসজ্জাও আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব বুলিও আশা কৰিছে আয়োজকসকলে। আনহাতে, প্ৰতিবাৰেই ভিন্ন শৈলীৰ মণ্ডপ সজ্জাৰে ৰাইজক আকৰ্ষিত কৰি অহা ধুবুৰীৰ শান্তিনগৰ সাৰ্বজনীন দুৰ্গাপূজা কমিটীৰ এইবাৰৰ মণ্ডপৰ থীম হ’ল “চন্দ্ৰযান-৩”। এইবেলি ৬২ বছৰত ভৰি দিবলগীয়া এই দুৰ্গাপূজাখনৰ মণ্ডপ সজ্জাৰ দায়িত্বত আছে ধুবুৰীৰ প্ৰতিষ্ঠিত মণ্ডপ শিল্পী বুড়া সাহা আৰু সোনা বাইন। ইপিনে, এইবাৰ ৩৯ বছৰ স্পৰ্শ কৰিবলগীয়া ধুবুৰীৰ ১২নং ৱাৰ্ডৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটীৰ পূজা মণ্ডপৰ থীম হ’ল “বেটী বচাও বেটী পঢ়াও”। ধুবুৰীৰ মণ্ডপ শিল্পী সহদেৱ দাস এই পূজাখনৰ মণ্ডপ সজ্জাৰ দায়িত্বত আছে। আনহাতে, যোৱাবাৰ দুৰ্গা পূজাত অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি “ত্ৰিৰংগা” থীমৰ মণ্ডপ সজ্জাৰে ৰাইজৰ মাজত বিপুল জনপ্ৰিয় লভা ধুবুৰী চহৰৰ ৪নং ৱাৰ্ডৰ পালপাৰা সাৰ্বজনীন দুৰ্গা পূজা কমিটীৰ এইবাৰৰ মণ্ডপৰ থীম হ’ল বঙালী স্বৰলিপি। ঊনৈশ শতিকাৰ বিশিষ্ট বঙালী শিক্ষাবিদ, সমাজ সংস্কাৰক আৰু গদ্যকাৰ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে এই বিশেষ থীমৰ পূজা মণ্ডপ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হোৱা বুলি জনাইছে আয়োজকসকলে। এই পূজাখনৰ পূজা মণ্ডপ নিৰ্মাণ কৰাৰ দায়িত্বত আছে স্থানীয় সজ্জাশিল্পী মদন দাস। ইপিনে, ধুবুৰী বজাৰ ব্যৱসায় সমিতিৰ এইবেলিৰ দুৰ্গাপূজাই চমক সৃষ্টি কৰিব বুলি আশা কৰিছে আয়োজকসকলে। পশ্চিমবংগৰ কাটোয়াৰ শিল্পীসকলক মণ্ডপ আৰু আলোকসজ্জাৰ দায়িত্ব দিয়া এই পূূজাখনৰ মণ্ডপৰ থীম হ’ল ওড়িশাৰ বালাচৰৰ ভয়াৱহ ৰেল দুৰ্ঘটনা। তদুপৰি ধুবুৰীৰ সেনপাৰাৰ ৮০ বছৰীয়া দুৰ্গাপূজা, ধুবুৰীৰ কলেজ ৰোডৰ বীণাপাণি ক্লাবৰ ২৬ বছৰীয়া দুৰ্গাপূজা, কলেজ ৰোড অঞ্চলৰেই জিউস ক্লাবৰ ২৮ বছৰীয়া দুৰ্গাপূজাকে ধৰি চহৰখনৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো পূজা কমিটীয়ে আকৰ্ষণীয় মণ্ডপ সজ্জাৰে সাজু হৈছে ৰাইজক আকৰ্ষিত কৰিবলৈ। উল্লেখ্য যে এইবাৰ ধুবুৰী থানা এলেকাত ১০৪খন দুৰ্গাপূজা আয়োজিত হোৱাৰ বিপৰীতে সমগ্ৰ জিলাখনত অনুষ্ঠিত হ’ব সৰ্বমুঠ ৩৪০খনকৈ দুৰ্গাপূজা।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like