নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত দলঙৰ ওপৰতেই ই-ৰিক্সা ষ্টেণ্ড, যাতায়াতত আহুকাল

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ মফচলীয় চহৰ নগৰবেৰাত যান-বাহনৰ বিশৃংখল পাৰ্কিং সম্প্ৰতি এক চিন্তনীয় বিষয় হৈ পৰিছে। বিশেষকৈ বজাৰৰ পূৱ মূৰত কৰ্ণৈ নদীৰ ওপৰত থকা পকী দলঙৰ ওপৰত অনবৰতে ঠাঁহ খাই থকা ই-ৰিক্সাবোৰৰ বাবে জনযাতায়াতৰ আহুকাল নামিছে। উপৰিঞ্চি আকৌ একাংশ ব্যৱসায়ীয়ে বোজাই কৰি বিক্ৰীৰ বাবে ৰখা ধানখেৰৰ বাহনবোৰেও পথচাৰীৰ বাবে যাতায়াতৰ আহুকাল নমাইছে। এদিন-দুদিনৰ নহয় নগৰবেৰা বজাৰত দলংখনৰ ওপৰত প্ৰত্যক্ষ হোৱা এয়া এক নৈমিত্তিক কাণ্ড হৈ পৰিছে। ফলত নিতৌ ৰাজপথেৰে পাৰাপাৰ হোৱা বিভিন্ন বাহন, পথচাৰী আৰু স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও যাতায়তৰ বিপদঘণ্টা হৈ পৰিছে এনে বিশৃঙ্খল বাহন পাৰ্কিং কাণ্ড। শীঘ্ৰে স্থানীয় প্ৰশাসনে বিষয়টোত গুৰুত্বাৰোপ নকৰিলে কাইলৈ কেনেবাকৈ দুৰ্ঘটনাৰ দৰে অঘটন হ’লেও আচৰিত হ’বলগীয়া একো নাথাকিব।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like